কাঠমাণ্ডু, ১৯ আগষ্ট (হি.স.)। কুৱেইটত বিষাক্ত সুৰা সেৱনৰ ফলত ১৬ গৰাকী নেপালী নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে কুৱেইটৰ বিভিন্ন চিকিৎসালয়ত এতিয়াও ৩০ গৰাকী নেপালী নাগৰিক চিকিৎসাধীন হৈ আছে। কুৱেইট চৰকাৰে সকলোকে দেশ এৰি যাবলৈ নিৰ্দেশ দিছে। কুৱেইট আৰক্ষীয়ে বিষাক্ত সুৰা খোৱা আৰু বিক্ৰীৰ গোচৰত একাংশ নেপালী নাগৰিককো গ্ৰেপ্তাৰ কৰিছে।
এই ঘটনা ১৫ আগষ্টৰ য’ত একাংশ ভাৰতীয় আৰু বাংলাদেশী নাগৰিককে ধৰি কেইবা ডজন নেপালী নাগৰিক বিষাক্ত সুৰা সেৱন কৰি অসুস্থ হৈ পৰে, তাৰ পিছত তেওঁলোকক কুৱেইটৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কুৱেইটত থকা নেপালী দূতাবাসৰ তথ্য অনুসৰি এই বিষাক্ত সুৰা কাণ্ডত এতিয়ালৈকে ১৬ জন নেপালী নাগৰিকৰ মৃত্যু হৈছে। আনহাতে, বিষাক্ত সুৰা সেৱন কৰি আন দেশৰ ২৩ জন নাগৰিকৰো মৃত্যু হৈছে।
বিষাক্ত সুৰা সেৱন কৰি এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা নেপালী নাগৰিক আটাইকেইজনকে বিতাড়ন কৰা হৈছে। মঙলবাৰে গৃহ মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে যিসকল লোকে দেশৰ আইনৰ বিৰুদ্ধে সুৰা সেৱন কৰিছিল তেওঁলোকক চিকিৎসাৰ অন্তত লগে লগে দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। বিতাড়িত বিদেশী নাগৰিকৰ সংখ্যা ১৬৩ জন বুলি জানিব পৰা গৈছে।
কুৱেইটত থকা নেপালৰ ৰাষ্ট্ৰদূত ঘনশ্যাম লামছালে দিয়া তথ্য অনুসৰি বিষাক্ত সুৰা সেৱন কৰি অসুস্থ হৈ পৰা ৩০ জন নেপাল নাগৰিকক কুৱেইট চৰকাৰৰ এই নিৰ্দেশৰ অধীনত বিতাড়িত কৰা হৈছে। তেওঁ কয় যে তেওঁলোকৰ সকলোৰে সৈতে নেপালৰ দূতাবাসৰ অহৰহ যোগাযোগ আছে আৰু চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ লগে লগে তেওঁলোক ঘূৰি অহাৰ ব্যৱস্থা কৰা হৈছে।
কুৱেইট চৰকাৰে এই বিষাক্ত সুৰাৰ গোচৰৰ তদন্ত আৰম্ভ কৰিছে, য’ত এশৰো অধিক নেপালী, ভাৰতীয় আৰু বাংলাদেশী নাগৰিকক সুৰা প্ৰস্তুত আৰু বিক্ৰীৰ বাবে আটক কৰি ৰখা হৈছে। কুৱেইট টাইমছৰ তথ্য অনুসৰি চৰকাৰে চলোৱা মদ বিৰোধী অভিযানত এতিয়ালৈকে ২৫৮ জন বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে, ইয়াৰে অধিকাংশই নেপালৰ বাসিন্দা।
কুৱেইটৰ নেপালৰ ৰাষ্ট্ৰদূত লামছালেও স্বীকাৰ কৰে যে চৰকাৰৰ মদ্যপান বিৰোধী অভিযানত ২০০ৰো অধিক নেপাল নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ লগতে কয় যে কুৱেইটৰ কাৰাগাৰত বন্দী হৈ থকা অধিকাংশ নেপালী নাগৰিকক অবৈধ সুৰা সেৱন, বিক্ৰী আৰু বিতৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মুঠ ১ লাখ ৬০ হাজাৰ নেপালী নাগৰিকে কৰ্মসংস্থাপনৰ বাবে কুৱেইটত বসবাস কৰি আছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
