• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পাতত ২০ আগষ্টঃ আজিৰ দিনটোতে সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা
National

ইতিহাসৰ পাতত ২০ আগষ্টঃ আজিৰ দিনটোতে সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

CliQ INDIA
Last updated: August 19, 2025 12:51 pm
CliQ INDIA
Share
4 Min Read
SHARE

ইতিহাসৰ ২০ আগষ্টৰ তাৰিখটোৱে ভাৰতীয় ৰে’লৱেৰ ইতিহাসৰ অন্যতম ভয়ানক দুৰ্ঘটনাৰ কথা মনত পেলাই দিয়ে। ১৯৯৫ চনৰ ২০ আগষ্টত উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত পুৰুষোত্তম এক্সপ্ৰেছ আৰু কালিন্দি এক্সপ্ৰেছৰ সংঘৰ্ষ হয়। এই ভয়ংকৰ দুৰ্ঘটনাত ২৫০ জনতকৈ অধিক যাত্ৰী নিহত হোৱাৰ লগতে প্ৰায় সমানেই লোক আহত হয়। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ হৈ পৰিছিল যে ৰে’লৰ ডবাবোৰৰ বেয়াকৈ ক্ষতিসাধন হোৱাৰ লগতে কেইবা ঘণ্টা ধৰি উদ্ধাৰৰ কাম অব্যাহত থাকে। ফিৰোজাবাদৰ ৰে’ল দুৰ্ঘটনাই ভাৰতীয় ৰে’ল ব্যৱস্থাত সুৰক্ষাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰা বুলি প্ৰমাণিত হয় আৰু এই শোকাৱহ দুৰ্ঘটনা দীৰ্ঘদিন ধৰি দেশৰ সামূহিক স্মৃতিৰ অংগ হৈ আছিল।

অন্যান্য মুখ্য ঘটনাৱলী:

১৮২৮ – কলিকতা (বৰ্তমান কলকাতা)ত ৰাজা ৰাম মোহন ৰায়ৰ ব্ৰহ্ম সমাজৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়।

১৮৯৭ – ৰ’নাল্ড ৰছে কলিকতা (বৰ্তমান কলকাতা)ৰ প্ৰেচিডেন্সি জেনেৰেল হস্পিতালত কৰ্মৰত অৱস্থাত এনোফিলিছ মহটোক মেলেৰিয়াৰ কাৰণ হিচাপে চিনাক্ত কৰে।

১৯২১ – কেৰালাৰ মালাবাৰ অঞ্চলত মোপ্লাহ বিদ্ৰোহ আৰম্ভ হয়।

১৯৪৯ – ইউৰোপীয় দেশ হাংগেৰীত সংবিধান গৃহীত হয়।

১৯৫৫ – মৰক্কো আৰু আলজেৰিয়াত ফ্ৰান্স বিৰোধী দাঙ্গাত শ শ লোকৰ মৃত্যু হয়।

১৯৭২ – তেতিয়াৰ ছোভিয়েট ৰাছিয়াই ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলায়।

১৯৭৭ – আমেৰিকাই ভয়েজাৰ ২ মহাকাশযান উৎক্ষেপণ কৰে।

১৯৭৯ – ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙে পদৰ পৰা পদত্যাগ কৰে।

১৯৮৮ – পাকিস্তানৰ ৰাষ্ট্ৰপতি জেনেৰেল জিয়া উল হকৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় আৰু চেনেটৰ অধ্যক্ষ গুলাম ইছাক খান ৰাষ্ট্ৰপতি হয়।

১৯৮৮ – ভাৰত আৰু নেপালত ৬.৫ প্ৰাবল্যৰ ভূমিকম্পত এক হাজাৰ লোকৰ মৃত্যু হয়।

১৯৯৪ – আমেৰিকাই কিউবাৰ শৰণাৰ্থীক আশ্ৰয় দিয়াৰ ২৮ বছৰীয়া নীতিৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰে।

১৯৯৮ – লিয়েণ্ডাৰ পেছে পিট চাম্প্ৰাছক পৰাস্ত কৰি পাইলট পেন আন্তঃৰাষ্ট্ৰীয় টেনিছ চেম্পিয়নশ্বিপ লাভ কৰে।

১৯৯১ – উত্তৰ ইউৰোপৰ দেশ ইষ্টোনিয়াই তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰে।

১৯৯৫ – পুৰুষোত্তম এক্সপ্ৰেছ আৰু কালিন্দি এক্সপ্ৰেছৰ মাজত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হয়, য’ত ৩৫০ জনতকৈ অধিক লোকৰ মৃত্যু হয়।

২০০১ – ভাৰতীয় চেম্পিয়ন বিশ্বনাথন আনন্দই স্পেইনৰ আলেক্সেই শ্বিৰভক পৰাজিত কৰি ভিলাৰ্ডেজ দবা চেম্পিয়নশ্বিপ লাভ কৰে।

২০০২ – পেলেষ্টাইনৰ গেৰিলা নেতা আবু নিদালক মৃত অৱস্থাত উদ্ধাৰ হয়।

২০০৪ – ফৰ্বছ আলোচনীৰ শক্তিশালী মহিলাৰ তালিকাত ক্ৰমে আমেৰিকাৰ কণ্ডোলিজা ৰাইচ, চীনৰ ৱু য়ি আৰু ভাৰতৰ ছোনিয়া গান্ধীয়ে প্ৰথম তিনিটা স্থান লাভ কৰে।

২০০৮ – ভাৰতৰ বিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী অৰুণা চাই ৰামক আমেৰিকাত বিশেষ সন্মানেৰে সন্মানিত কৰা হয়।

২০০৮ – ৰাসায়নিক আৰু সাৰ মন্ত্ৰী ৰামবিলাস পাছৱানে চলিত বিত্তীয় বৰ্ষত সাৰ উদ্যোগলৈ ২২,০০০ কোটি টকাৰ অতিৰিক্ত ৰাজসাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।

২০১৩ – উত্তৰ ককেছাছত ৰাছিয়াৰ আৰক্ষীৰ কাৰ্যত ৯ জন সন্ত্ৰাসবাদী নিহত হয়।

২০১২ – ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত দাঙ্গাত ২০ জন লোকৰ মৃত্যু হয়।

জন্ম:

১৯৮৬ – তানিয়া সচদেৱ – ভাৰতীয় মহিলা দবা খেলুৱৈ।

১৯১৫ – ডি দেৱৰাজ উৰ্ছ – কৰ্ণাটকৰ অষ্টম মুখ্যমন্ত্ৰী।

১৯১৭ – ত্ৰিলোচন শাস্ত্ৰী – প্ৰগতিশীল কবিতা ধাৰাৰ বিখ্যাত কবি।

১৯১৯ – বি জে দেৱান – অন্ধ্ৰ প্ৰদেশৰ ভাৰপ্ৰাপ্ত ৰাজ্যপাল।

১৯৪৪ – ৰাজীৱ গান্ধী – ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।

১৯৪৪ – কুমাৰী নাজ – হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।

১৯৪৬ – এন আৰ নাৰায়ণ মূৰ্তি – ইনফ’ছিছ কোম্পানীৰ প্ৰতিষ্ঠাপক।

১৯৪০ – ৰাজেন্দ্ৰ কুমাৰ পাচৌৰী – আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিৱেশবিদ।

১৭৯৯ – জেমছ প্ৰিন্সেপ – ব্ৰাহ্মী লিপি ভাষাবিদ আৰু অশোকৰ শিলালিপি পঢ়া প্ৰথম ইংৰাজ ব্যক্তি।

মৃত্যু:

১৯৯১ – গোপীনাথ মহন্ত – উড়িয়া ভাষাৰ বিখ্যাত সাহিত্যিক।

২০০৪ – গংগাৰাম সম্ৰাট – বুৰঞ্জীবিদ।

২০১১ – ৰাম শৰণ শৰ্মা – ভাৰতৰ বিখ্যাত ইতিহাসবিদ।

২০১৪ – বি কে এছ আয়েংগাৰ – বিখ্যাত ভাৰতীয় যোগ গুৰু।

গুৰুত্বপূৰ্ণ দিন আৰু অনুষ্ঠান:

– সদ্ভাৱনা দিৱস

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

কংগ্ৰেছ চৰকাৰে হিমাচল প্ৰদেশত কৰৰ বোজা বৃদ্ধি কৰিছেঃ জে পি নড্ডা
ইতিহাসৰ পাতত ১৫ আগষ্টঃ ভাৰতৰ স্বাধীনতা দিৱস, ব্ৰিটিছ শাসনৰ পৰা মুক্তিৰ দিন
গৱেষণাৰ কাম সমাজৰ লগত সংযোগ হ’লেহে প্ৰকৃততে উপকাৰী হয়ঃ সৰসংঘচালক ডা০ ভাগৱত
শ্ৰীপ্ৰকাশ জয়ছোৱালৰ মৃত্যুত কংগ্ৰেছ নেতাসকলৰ শোক প্ৰকাশ
আজি উৎকল কেশৰী ড° হৰেকৃষ্ণ মাহতাবৰ ১২৫ তম জন্ম জয়ন্তী,  ৰাষ্ট্ৰপতি মুৰ্মুৰ অংশগ্ৰহণ | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article হোৱাইট হাউছত উচ্চ পৰ্যায়ৰ আলোচনা: ট্ৰাম্পে কয় যে “যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা”, জেলেনস্কিৰ সমৰ্থন
Next Article লক্ষিমপুৰত খাদ্যত বিষক্ৰিয়াৰ ঘটনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?