
ধুবুৰী, ১৯ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱাকালি সোমবাৰে নিশা ড্ৰাগছসহ দুজনক আটক কৰা হয়। গৌৰীপুৰৰ আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হেৰোইনসহ আটক হয় দুই সৰবৰাহকাৰী।
দক্ষিণ টিয়ামাৰী হস্পিতাল ৰোডত অভিযান চলায় আৰক্ষীয়ে। সৰবৰকাৰী দুটা আইৰণজংলা গাঁৱৰ আনোৱাৰ হুছেইন আৰু হানিফ সিকদাৰ। সৰবৰাকাৰী দুটাৰ পৰা ৬৬:৩৩ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰোইন জব্দ কৰে আৰক্ষীয়ে। গৌৰীপুৰ আৰক্ষীয়ে যুৱক দুজন আটক মাৰথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
