
কামৰূপ, ১৮ আগষ্ট (হি.স.)। ডিমৰীয়াৰ ধোপগুৰিত বন্যহস্তীৰ উপদ্ৰপ। জিতেন বৰুৱা নামৰ লোক জনৰ বাসগৃহত উপদ্ৰপ। খিৰিকিৰে জপিয়াই পলায়ন কৰাতহে কথমপি প্ৰাণ ৰক্ষা পৰিয়ালটোৰ।
ভাঙি লণ্ড-ভণ্ড কৰিলে আলমিৰা,পালেং,টিভিকে মুখ্য কৰি ঘৰুৱা সামগ্ৰী। খায় তহিলং কৰিলে দহ বস্তাৰো অধিক ধান। ৰাইজে হৈ চৈ কৰাত আঁতৰি যায় বন্য হস্তিটো। বনবিভাগৰ লোক উপস্থিত হৈ বুজ ল’লে ক্ষয় ক্ষতিৰ।
হিন্দুস্থান সমাচাৰ / Narayan Kar
