নতুন দিল্লী, ১৮ আগষ্ট (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে পণ্য আৰু সেৱা কৰ (জি এছ টি)ৰ প্ৰস্তাৱিত সংস্কাৰ সন্দৰ্ভত ৰাজ্যসমূহৰ মন্ত্ৰী গোটৰ বৈঠকত ভাষণ দিব। এই সংস্কাৰৰ অধীনত জি এছ টিৰ হাৰ কমাব আৰু সাধাৰণভাৱে ব্যৱহৃত সামগ্ৰীৰ মূল্য হ্ৰাস পাব।
সোমবাৰে চৰকাৰী সূত্ৰই জনোৱা মতে, আমেৰিকাৰ শুল্কৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে জি এছ টিৰ বৃহৎ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। ইয়াৰ নাম দিয়া হৈছে ‘জিএছটি ২.০ বা নেক্সট জেন জিএছটি’। ইয়াৰ অধীনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত অহা ২০ আগষ্ট বুধবাৰে ৰাজ্যসমূহৰ এদল মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। ২০-২১ আগষ্টত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক মন্ত্ৰী সমিতিৰ এই দুদিনীয়া বৈঠকত এই বিষয়ে আলোচনা কৰা হ’ব।
এই বৈঠকত বিত্তমন্ত্ৰীয়ে জি এছ টিৰ ব্যাপক সংস্কাৰৰ বাবে যুক্তি আগবঢ়াব, যাৰ ফলত জি এছ টি কৰ হাৰ হ্ৰাস পাব আৰু সাধাৰণভাৱে ব্যৱহৃত সামগ্ৰীৰ মূল্য হ্ৰাস পাব। এই বৈঠকত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অংশ হিচাপে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা প্ৰস্তাৱসমূহৰ বিষয়ে আলোচনা কৰা হ’ব।
উল্লেখযোগ্য যে ২০১৭ চনত দেশত সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) ব্যৱস্থা ৰূপায়ণৰ পিছত এইটোৱেই হ’ব আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
