হায়দৰাবাদ, ১৮ আগষ্ট (হি.স.)। হায়দৰাবাদৰ ৰমানাথপুৰৰ গোকুলনগৰত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। ইয়াত কৃষ্ণ জন্মাষ্টমী উৎসৱ উদযাপনৰ বাবে উলিওৱা এক শোভাযাত্ৰাৰ সময়ত বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহিছিল এখন ৰথ। ফলত বিদ্যুৎস্পৃষ্ট হৈ ৫ জন লোকৰ মৃত্যু হয়।
দেওবাৰে মাজনিশাৰ পিছত শোভাযাত্ৰা সমাপ্ত হোৱাৰ সময়ত সংঘটিত হয় এই ঘটনা। এই ঘটনাত চাৰিজন লোক বেয়াকৈ জ্বলি গৈছে, যাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাচাকোণ্ডাৰ এচএইচও উপ্পাল কে ভাস্কৰে এই কথা নিশ্চিত কৰিছে।
নিহত লোককেইজন হৈছে ক্ৰমে কৃষ্ণ যাদৱ (২১), সুৰেশ যাদৱ (৩৪), শ্ৰীকান্ত ৰেড্ডী (৩৫), ৰুদ্ৰবিকাছ (৩৯) আৰু ৰাজেন্দ্ৰ ৰেড্ডী (৪৫)। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
