
ধেমাজি, ১৭ আগষ্ট (হি.স.)। ধেমাজিৰ খেতিপথাৰত অভাৱনীয় হাৰত শূঁৰ পোকৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে। হেক্টৰ হেক্টৰ কৃষিভূমি তহিলং কৰিছে শূঁৰ পোকে ৷ একপ্ৰকাৰ ধেমাজি বৰদলনি অঞ্চলত শূঁৰ পোকৰ সন্ত্ৰাসৰ সৃষ্টি হৈছে ।
উল্লেখ্য় যে খৰাং বতৰক নেওঁচি গাঁঠিৰ ধন ভাঙি নিজা উদ্যোগত পাম্পেৰে পানী সিচি অনেক কষ্টৰে ৰোৱা খেতিডৰাক চাই চকু সেমেকি উঠিছে খেতিয়কৰ। শূঁৰ পোকৰ উপদ্ৰৱৰ ফলত বৰদলনি, বৰমাম, জয়ৰামপুৰ, মিছামাৰী পঞ্চায়তত কৃষকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । আনহাতে শূঁৰ পোকৰ উপদ্ৰৱ নিৰাময়ৰ বাবে কৃষি বিভাগৰ তৰফৰ পৰা ঔষধ দিয়া হৈছে যদিও এই ঔষধেও কাম কৰা নাই ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
