নতুন দিল্লী, ১৬ আগষ্ট (হি.স.)। চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ প্ৰথম ত্ৰৈমাসিকত দেশৰ ইলেক্ট্ৰনিকছ ৰপ্তানি ৪৭ শতাংশৰ তীব্ৰ বৃদ্ধি লাভ কৰিছে। বছৰি ই ১২.৪ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি শনিবাৰে ‘এক্স’ পোষ্টত প্ৰকাশ কৰা এক বিবৃতিত কয় যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ভাৰতৰ ইলেক্ট্ৰনিকছ ৰপ্তানি ৪৭ শতাংশ বৃদ্ধি পাই ১২.৪ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে। গোৱেলে কয় যে এইটো ‘মেক ইন ইণ্ডিয়া’ৰ এক সুখকৰ সফলতাৰ কাহিনী, যাৰ বাবে ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হোৱা এটা দশকত আমাৰ ইলেক্ট্ৰনিকছ উৎপাদন ৩১ বিলিয়ন ডলাৰৰ পৰা ১৩৩ বিলিয়ন ডলাৰলৈ অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে।
বাণিজ্য মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আমাৰ চৰকাৰে ভাৰতক উৎপাদন খণ্ডত স্বাৱলম্বী কৰি তোলাৰ বাবে বহু প্ৰচেষ্টা হাতত লৈছে। ফলত ২০১৪ চনত আমাৰ হাতত মাত্ৰ ২টা মোবাইল মেনুফেকচাৰিং ইউনিট আছিল, যিটো আজি ৩০০ৰো অধিক হৈছে। তেওঁ কয় যে আমাৰ আটাইতকৈ ডাঙৰ যাত্ৰা হৈছে মোবাইল আমদানিকাৰকৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল ফোন নিৰ্মাতা কোম্পানীলৈ। গোৱেলে কয় যে ইলেক্ট্ৰনিকছ খণ্ডই সৌৰ মডিউল, নেটৱৰ্কিং সঁজুলি, চাৰ্জাৰ এডাপ্টাৰ আৰু ইলেক্ট্ৰনিক কম্পোনেণ্টৰ দ্বাৰাও বৃহৎ নিয়োগৰ সুযোগ সৃষ্টি কৰিছে, যিবোৰেও আমাৰ ৰপ্তানি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
