মুম্বাই, ১৬ আগষ্ট (হি.স.)। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত শনিবাৰে পুৱাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ছত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান পৰিবহণ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বহু বিমান সংস্থা – ইণ্ডিগো, স্পাইচজেট আৰু আকাছা এয়াৰে যাত্ৰীসকলক পৰামৰ্শ জাৰি কৰিছে। একে সময়তে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিনটোৰ ভিতৰত বিভিন্ন স্থানত অত্যন্ত প্ৰবল বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে।
ইণ্ডিগো এয়াৰলাইন্সে এক্সত শ্বেয়াৰ কৰা এডভাইজাৰীত যাত্ৰীসকলক বিমানবন্দৰত হাজিৰ হোৱাৰ ক্ষেত্ৰত আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ আৰু চহৰৰ বহু ঠাইত পানী জমা হোৱাৰ বাবে পথত বাধা আৰু যাতায়তৰ গতি লেহেমীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত যাত্ৰা সময়ৰ কথা মনত ৰাখিবলৈ আহ্বান জনাইছে।
বিমান সংস্থাটোৱে কৈছে যে ঘৰৰ পৰা ওলোৱাৰ আগতে আমাৰ ৱেবছাইট বা এপৰ জৰিয়তে আপোনাৰ বিমানৰ অৱস্থা পৰীক্ষা কৰক। আমাৰ দলসমূহে পলম কম কৰিবলৈ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু প্ৰতিটো পদক্ষেপতে আপোনাৰ লগত যাব। লগতে বিমান সংস্থাটোৱে এই ব্যাঘাতৰ সময়ত যাত্ৰীসকলক সহায় কৰাৰ আশ্বাস দিছে। আপোনাৰ ধৈৰ্য্যৰ বাবে ধন্যবাদ। আমি প্ৰতিটো খোজতে আপোনালোকৰ লগত আছো।
আকাছা এয়াৰে ইমেইল পোষ্টত লিখিছে, মুম্বাই, গোৱা আৰু পুনেৰ কিছু অংশত হোৱা প্ৰচণ্ড বৰষুণৰ বাবে আমি বিমানবন্দৰলৈ যোৱা পথসমূহত লেহেমীয়া গতিৰ যান-বাহন আৰু যানজঁটৰ আশা কৰিছো। এটা নিৰৱচ্ছিন্ন ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰিবলৈ আমি আপোনাক অনুৰোধ কৰিছো যে আপোনাৰ বিমানৰ বাবে সময়মতে বিমানবন্দৰত উপস্থিত হ’বলৈ অতিৰিক্ত ভ্ৰমণ সময়ৰ পৰিকল্পনা কৰক। অনুগ্ৰহ কৰি ইয়াত আপোনাৰ বিমানৰ অৱস্থা পৰীক্ষা কৰক: http://bit.ly/qpfltsts। আমি জানো যে ইয়াৰ ফলত আপোনাৰ ভ্ৰমণ পৰিকল্পনাৰ অসুবিধা হ’ব পাৰে আৰু আমি আপোনাৰ সহযোগিতা বিচাৰিছো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
