কাঠমাণ্ডু, ১৪ আগষ্ট (হি.স.)। অহা ১৭-১৮ আগষ্টত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কাঠমাণ্ডু ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী চূড়ান্ত কৰা হ’ব। ১৭ আগষ্টৰ দিনৰ ১ বজাত ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে কাঠমাণ্ডুত উপস্থিত হ’বলগীয়া ভাৰতীয় বৈদেশিক সচিবগৰাকীয়ে প্ৰথমে প্ৰধানমন্ত্ৰী অলীক সাক্ষাৎ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰেৰণ কৰা আনুষ্ঠানিক আমন্ত্ৰণ পত্ৰখন তেওঁক গতাই দিব।
নেপালৰ বৈদেশিক সচিব অমৃত ৰায়ৰ আমন্ত্ৰণত দুদিনীয়া ভ্ৰমণলৈ অহা ভাৰতীয় বৈদেশিক সচিবৰ উপস্থিতিত নেপালৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত অনুষ্ঠিত হ’বলগীয়া চুক্তি আৰু দ্বিপাক্ষিক আলোচনাৰ বিভিন্ন এজেণ্ডা চূড়ান্ত কৰা হ’ব। নেপালৰ বৈদেশিক সচিব ৰায়ে কয় যে ইয়াৰ বাবে নেপালৰ পক্ষৰ বিভিন্ন মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি এজেণ্ডা চূড়ান্ত কৰা হৈছে।
নেপালৰ বৈদেশিক সচিবে কয় যে নেপাল আৰু ভাৰতৰ মাজত সম্ভাৱ্য চুক্তিৰ খচৰা আদান-প্ৰদান কৰা হৈছে আৰু দুয়োপক্ষই পাৰস্পৰিক আলোচনাৰ জৰিয়তে চূড়ান্ত কৰি আছে। প্ৰধানমন্ত্ৰী অলিৰ ভাৰত ভ্ৰমণৰ সময়ত পঞ্চেশ্বৰ প্ৰকল্পত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। নেপালৰ শক্তি মন্ত্ৰী দীপক খাডকাই কয় যে পঞ্চেশ্বৰ নামৰ ৬০০০ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পত স্বাক্ষৰ কৰাটো এটা ডাঙৰ সফলতা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
