টাইপেই (টাইৱান), ১৪ আগষ্ট (হি.স.)। টাইৱান স্বাধীন ৰাষ্ট্ৰ হোৱাটো চীনে পছণ্ড নকৰে। টাইৱানক চীনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। বহুদিনৰ পৰাই চেষ্টা কৰি আহিছে। চীনৰ যুদ্ধ বিমান টাইৱানৰ চাৰিওফালে উৰি থাকে। টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি আজি পুৱা চীনৰ জলসীমাত চীনৰ সামৰিক কাৰ্যকলাপ দেখা গৈছে।
এম এন ডিয়ে এক্স পোষ্টত কয় যে আজি পুৱা ৬:০০ বজালৈকে (স্থানীয় সময় অনুসৰি) চীনৰ আঠখন বিমান আৰু দুখন নৌসেনাৰ জাহাজ ইয়াৰ ভূখণ্ডৰ জলসীমাত আক্ৰমণাত্মক ভংগীমাত দেখা গৈছে। এই বিমানসমূহে মধ্য ৰেখা অতিক্ৰম কৰি টাইৱানৰ উত্তৰ আৰু দক্ষিণ-পশ্চিম প্ৰতিৰক্ষা চিনাক্তকৰণ অঞ্চল (এডিআইজেড)ত প্ৰৱেশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে চীনৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। বৰ্ধিত সামৰিক আন্দোলনৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
টাইপেই টাইমছৰ প্ৰতিবেদন অনুসৰি ব্ৰিটিছ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে পশ্চিমীয়া দেশসমূহক টাইৱানৰ সৈতে থিয় দিবলৈ আৰু দ্বীপ ৰাষ্ট্ৰখনৰ সৈতে অৰ্থনৈতিক অংশীদাৰিত্ব গভীৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ইয়াৰ প্ৰয়োজন কাৰণ চীনে টাইৱানৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। ইয়াৰ উপৰিও জাপানৰ ছানচেটো পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা সাংসদ ছ’হেই কামিয়াই কয় যে জাপানে টাইৱানক সমৰ্থন কৰা উচিত। কামিয়াই কয় যে চীনে জাপানত কেনেদৰে অনুপ্ৰৱেশ কৰিছে সেই বিষয়ে টকিঅ’ সচেতন হোৱা উচিত।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
