ৱাশ্বিংটন, ১৪ আগষ্ট (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াক সকীয়াই দিছে যে যদিহে ইউক্ৰেইনত চলি থকা যুদ্ধ বন্ধ নকৰে তেন্তে ইয়াৰ “অতি গুৰুতৰ” পৰিণতিৰ সন্মুখীন হ’ব লাগিব। বুধবাৰে কেনেডি চেণ্টাৰত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে যদি ৰাছিয়াই যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব, য’ত শুল্ক আৰু নিষেধাজ্ঞাও থাকিব পাৰে।
কাইলৈ ১৫ আগষ্টত আলাস্কাত ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈঠকৰ পূৰ্বে এই বক্তব্য প্ৰকাশ কৰিছে। ট্ৰাম্পে কয় যে যদিহে প্ৰথমখন বৈঠক সফল হয় তেন্তে তেওঁ দ্বিতীয়খন বৈঠকৰ প্ৰস্তাৱো আগবঢ়াব, য’ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিও অন্তৰ্ভুক্ত হ’ব।
বুধবাৰে ইউৰোপীয় নেতাসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকতো অংশগ্ৰহণ কৰে ট্ৰাম্পে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ মতে, ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতিক নিজৰ অগ্ৰাধিকাৰ বুলি অভিহিত কৰে। একে সময়তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে পুটিনক ইউক্ৰেইনক “ব্লাফিং” কৰি হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে যাতে ৰাছিয়াই সমগ্ৰ দেশখন দখল কৰিবলৈ সক্ষম যেন দেখা যায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
