অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি মেহদি আলম বৰাৰ উপস্থিতিত মুকলি সুভাইঝাৰ ব্লক কমিটিৰ কাৰ্যালয়।
চিৰাং, ১৩ আগষ্ট (হি.স.): আগন্তুক বিটিআৰ নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰধান বিৰোধী দল জাতীয় কংগ্ৰেছে। মঙলবাৰে সন্ধিয়া চিৰাং জিলাৰ বিজনীৰ ভুমকিপাৰাত কংগ্ৰেছৰ ১৭ নং সুভাইঝাৰ ব্লক কমিটিৰ কাৰ্যালয় মুকলি কৰা হয়।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি মেহদি আলম বৰা উপস্থিত থাকি কাৰ্যালয়টো মুকলি কৰে।আগন্তুক বিটিআৰ নিৰ্বাচনত ৪০ টা সমষ্টিতেই প্ৰাৰ্থীত্ব দিব কংগ্ৰেছে। বৰাই কয় যে চৰকাৰ বনাব পাৰে নোৱাৰে পিছৰ কথা, কিন্তু কংগ্ৰেছৰ উপস্থিতি অস্বীকাৰ কৰি কোনেও চৰকাৰ বনাব নোৱাৰে । এইবাৰ বিটিআৰতো যুঁজ এখন হ’ব বুলি মন্তব্য কৰে মেহদি আলম বৰাই।
কাৰ্যালয় মুকলি অনুষ্ঠানত উত্তৰ অভয়াপুৰি সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ, এপিচিচিৰ সম্পাদক গৰ্জন মুছাহাৰীৰ উপৰিও কেবাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
