
কুৱেটা (বেলুচিস্তান) পাকিস্তান, ১৩ আগষ্ট (হি.স.)। বেলুচিস্তানৰ সন্দেহযুক্ত বেলুচ যোদ্ধাই কেইবাটাও ঘাইপথ অৱৰোধ কৰি পাকিস্তান সেনালৈ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই যোদ্ধাসকলে কেইবাখনো সামৰিক বাহনত আক্ৰমণ কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়াৰ দাবীও কৰিছে। ইফালে স্থানীয় লোকে দাবী কৰে যে পাকিস্তান সেনাই যাত্ৰীবাহী বাছক বাটত অপ্ৰয়োজনীয়ভাৱে ৰখাই হাৰাশাস্তি কৰিছিল।
দ্য বেলুচিস্তান পোষ্টৰ খবৰ অনুসৰি মঙলবাৰে স্থানীয় সূত্ৰই জনোৱা মতে, বেলুচিস্তানৰ খুজদাৰ জিলাৰ জেহৰি চহৰৰ চাৰিওফালে থকা ঘাইপথ অৱৰোধ কৰে সন্দেহযুক্ত বেলুচ যোদ্ধাসকলে। এই সময়তে এটা ডাঙৰ পথ ধ্বংস হয়। পাকিস্তানৰ সামৰিক ইউনিটক এম্বুছ কৰা হয়।
সূত্ৰ অনুসৰি সশস্ত্ৰ যোদ্ধাসকলে মূল ঘাইপথৰ তিনিটা ভিন্ন স্থান অৱৰোধ কৰে। সেনাৰ চলাচল বন্ধ কৰিবলৈ গধুৰ যন্ত্ৰপাতি আৰু বুলডজাৰেৰে চুন্নী-নুৰগামা পথটো ধ্বংস কৰে। গাজান আৰু মাছক অঞ্চলৰ পৰা অহা-যোৱা কৰা জোৱানক আক্ৰমণ কৰা হয়। এই আক্ৰমণত নিৰাপত্তাৰক্ষীৰ মাজত হতাহত হোৱাৰ খবৰ পোৱা গৈছে।
গাজানৰ জুলফিকাৰাবাদৰ কুচোত আন এক আক্ৰমণত যোদ্ধাসকলে ৮খন সামৰিক বাহন ৰখাই দিয়ে। ইয়াৰ পিছতে তিনিখন বাহন ধ্বংস হয়। অস্ত্ৰ-শস্ত্ৰসহ জব্দ কৰে আন দুজন। সূত্ৰই জনোৱা মতে, যোৱা ২৪ ঘণ্টা ধৰি বহু সামৰিক জোৱানক যোদ্ধা বিমানে ঘেৰাও কৰি ৰাখিছে। জালকানৰ পৰা খোজকাঢ়ি অহা জোৱানক মঙলবাৰে সন্ধিয়ালৈকে স্পেডিক অঞ্চলত নদীৰে ঘেৰি ৰখা বুলি জানিব পৰা গৈছে। মঙলবাৰে পুৱা ড্ৰ’ন আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰি জোৱানক উলিয়াই অনাৰ চেষ্টা ব্যৰ্থ হোৱা বুলি জানিব পৰা গৈছে।
স্থানীয় সূত্ৰই জনোৱা মতে, কৰাচীৰ পৰা মাক্ৰাণলৈ যোৱা কেইবা ডজন যাত্ৰীবাহী বাছ উথাল জিৰ’ পইণ্টত সেনাই ৰখাই দিয়ে। ইয়াৰ বাবে কেচ আৰু গ্ৱাদাৰ জিলাৰ অভিমুখে যোৱা পুৰুষ-মহিলা আৰু শিশু ঘণ্টাৰ পিছত ঘণ্টা আধা বাটত আবদ্ধ হৈ পৰে। চৰকাৰী যাত্ৰাৰ সময় অনুসৰণ নকৰাৰ বাবে এই বাছসমূহ বন্ধ কৰি দিয়া হৈছে। ওচৰতে বসবাস কৰা লোকসকলে জনোৱা মতে, বৃদ্ধ, শিশু, মহিলা, অসুস্থ লোককে ধৰি হাজাৰ হাজাৰ যাত্ৰী আবদ্ধ হৈ পৰিছে এই গৰমৰ মাজত। লোক সকলে অভিযোগ কৰে যে পূৰ্বতে যাত্ৰীসকলে নিৰাপত্তা পৰীক্ষাৰ অজুহাতত বহু চেকপইণ্টত বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল, আনহাতে এতিয়া যাতায়ত নিষেধাজ্ঞাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
