কুৱেটা (বেলুচিস্তান) পাকিস্তান, ১৩ আগষ্ট (হি.স.)। আমেৰিকাই বেলুচ লিবাৰেচন আৰ্মী (বিএলএ) আৰু ইয়াৰ আত্মঘাতী শাখা মজিদ ব্ৰিগেডক সন্ত্ৰাসবাদী তালিকাত অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত বেলুচিস্তানৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা অনলাইন বাতৰি সংস্থা দ্য বেলুচিস্তান পোষ্টে বুধবাৰে বিশ্লেষকসকলৰ উদ্ধৃতিৰে কয় যে ইয়াৰ প্ৰভাৱ ‘প্ৰতীকী’ হোৱাৰ সম্ভাৱনা আছে। লগতে ইছলামাবাদৰ সৈতে আন্তৰিক সম্পৰ্ক আৰু নতুন বাণিজ্যিক চুক্তিৰ মাজতে ৱাশ্বিংটনৰ এই পদক্ষেপ লোৱা হৈছে যদিও ই গোটটোৰ সন্ত্ৰাসবাদ ৰোধ কৰাত বিশেষ সহায় নকৰে। বিএলএৰ বিত্তীয় সাহায্য আৰু কাৰ্য্যকলাপ আমেৰিকাৰ নিষেধাজ্ঞাৰ হাতৰ বাহিৰৰ নেটৱৰ্কৰ ওপৰত ভিত্তি কৰি কৰা হয়।
দ্য বেলুচিস্তান পোষ্টৰ মতে, যদিও আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে নিজৰ বিদেশী সন্ত্ৰাসবাদী সংগঠন (এফটিঅ’)ৰ তালিকাত বেলুচ বিএলএ আৰু মজিদ ব্ৰিগেডক অন্তৰ্ভুক্ত কৰিছে, তথাপিও ইয়াৰ বিশেষ পাৰ্থক্য নহ’ব। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ বিচ্ছিন্নতাবাদী সংগঠন বিএলএক ইয়াৰ পূৰ্বে ২০১৯ চনত আমেৰিকা আৰু ২০০৬ চনত ব্ৰিটেইনে সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল। এই পদক্ষেপ ইছলামবাদৰ কূটনৈতিক বিজয় বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। কিন্তু কাৰ্যক্ষেত্ৰত বিশ্লেষকসকলে কয় যে ইয়াৰ দ্বাৰা বিএলএৰ কাৰ্যকৰী ক্ষমতাত কোনো প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই।
দ্য নেটিভ ভইচেছৰ মূল প্ৰতিবেদনৰ পৰা সবিশেষৰ ওপৰত গুৰুত্ব আৰোপ কৰি বেলুচিস্তান পোষ্টে স্পষ্ট কৰি দিছে যে গোটটোৰ অস্তিত্ব দুটা মূল সম্পদৰ ওপৰত নিৰ্ভৰশীল: ধন আৰু জনশক্তিৰ ওপৰত। ইয়াৰ পুঁজি আমেৰিকা বা পশ্চিমীয়া উৎসৰ পৰা, বা আনুষ্ঠানিক বেংকিং চেনেলৰ পৰা নহয়, বৰঞ্চ অবৈধ কাৰ্যকলাপৰ ওপৰতহে নিৰ্ভৰশীল। পশ্চিমত বিএলএৰ কোনো প্ৰত্যক্ষ ৰাজনৈতিক উপস্থিতি নাই আৰু ইয়াৰ সদস্যসকলে আমেৰিকা বা ইউৰোপলৈ যাত্ৰা নকৰে, যাৰ ফলত ভ্ৰমণ নিষেধাজ্ঞা বা সম্পত্তি জব্দ কৰাৰ প্ৰভাৱ সীমিত হৈ পৰে। ২০১৯ চনত একেধৰণৰ তালিকাভুক্তিয়ে গোটটোক দুৰ্বল কৰা নাছিল, আৰু মজিদ ব্ৰিগেডৰ অন্তৰ্ভুক্তিয়ে সেই কথা সলনি কৰাৰ সম্ভাৱনা নাই। কিছুমান ক্ষেত্ৰত এনে ব্যৱস্থাই কোনো উগ্ৰপন্থী গোটৰ ভাবমূৰ্তিও শক্তিশালী কৰিব পাৰে, যাৰ ফলত ই সংঘাতৰ এক প্ৰধান কাৰক হৈ পৰে।
বেলুচিস্তান পোষ্টৰ মতে ৱাশ্বিংটন আৰু ইছলামাবাদে বাণিজ্যিক চুক্তি চূড়ান্ত কৰাৰ দুসপ্তাহ নৌহওঁতেই এই ঘোষণা কৰা হৈছে। ইয়াৰ দ্বাৰা আমেৰিকাৰ কোম্পানীসমূহে সম্পদ সমৃদ্ধ বেলুচিস্তানত পাকিস্তানৰ অনাৱিষ্কৃত তেলৰ মজুত উন্নয়নত সহায় কৰাৰ লগতে পাকিস্তানৰ ৰপ্তানিৰ ওপৰত শুল্ক হ্ৰাস কৰিব পৰা যাব বুলি আশা কৰা হৈছে। শেহতীয়া বছৰবোৰত আমেৰিকা-পাকিস্তানৰ সম্পৰ্কৰ “শ্ৰেষ্ঠ পৰ্যায়” বুলি পৰ্যবেক্ষকসকলে বৰ্ণনা কৰা পৰ্যায়টোৰ সৈতেও ইয়াৰ মিল আছে। পাকিস্তান চৰকাৰে ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটাৰ বাবেও মনোনীত কৰিছে। একাংশ বিশ্লেষকে কয় যে এই মনোনয়ন কূটনৈতিক গিভ এণ্ড টেকৰ অংশ, যিদৰে ২০১৯ চনত আফগানিস্তানত আমেৰিকা-তালিবান শান্তি আলোচনাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত পাকিস্তানে মূল ভূমিকা লোৱাৰ পিছত ট্ৰাম্প প্ৰশাসনে বিএলএক ব্লেকলিষ্ট কৰিছিল।
বিশ্লেষণটোৱে লক্ষ্য কৰিছে যে ইতিহাসে ৱাশ্বিংটনে এনে ব্যৱস্থাক নিৰ্ণায়ক সন্ত্ৰাসবাদ বিৰোধী কাৰ্য্যৰ পৰিৱৰ্তে ৰাজনৈতিক সঁজুলি হিচাপে ব্যৱহাৰ কৰাৰ বহু উদাহৰণ দাঙি ধৰিছে। এসময়ত আমেৰিকাই আফগানিস্তানৰ হাক্কানী নেটৱৰ্কৰ জ্যেষ্ঠ নেতাসকলৰ ওপৰত বহু কোটি ডলাৰৰ পুৰস্কাৰ দিছিল, য’ত আছিল এতিয়া তালিবান চৰকাৰৰ স্বৰাজ মন্ত্ৰী আব্দুল আজিজ হাক্কানী আৰু ইয়াহ্যা হাক্কানী। পিছত আমেৰিকাই নীৰৱে নিজৰ পদক্ষেপ প্ৰত্যাহাৰ কৰিলে।
ছিৰিয়াত আমেৰিকাই হায়াত তাহৰিৰ আল শ্বামক বিদেশী সন্ত্ৰাসবাদী গোট (এফটিঅ’) বুলি ঘোষণা কৰিছিল আৰু ইয়াৰ নেতা আহমদ আল-শ্বাৰা (আবু মহম্মদ আল-জোলানী)ক বন্দী কৰাৰ বাবে এক কোটি ডলাৰৰ পুৰস্কাৰ দিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকাই এই পুৰস্কাৰ আৰু এফ টি অ’ৰ মৰ্যাদা দুয়োটা প্ৰত্যাহাৰ কৰিছিল। এনেধৰণৰ বিপৰীতমুখীতাই দেখুৱাইছে যে এনে পদক্ষেপসমূহ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক স্বাৰ্থৰ সৈতে জড়িত। গতিকে আমেৰিকা বা ইয়াৰ মিত্ৰ দেশসমূহৰ পৰা কোনো ধৰণৰ পুঁজি বা বৈধতা লাভ নকৰা বিএলএৰ বাবে এই পদক্ষেপে স্থায়ী বিঘিনিৰ সৃষ্টি কৰাৰ সম্ভাৱনা নাই।
পাকিস্তানৰ কথা ক’বলৈ গ’লে ৱাশ্বিংটনৰ এই পদক্ষেপে ফেডাৰেল চৰকাৰৰ দাবীক আৰু অধিক শক্তিশালী কৰি তুলিছে যে বিএলএ কোনো স্থানীয় আন্দোলন নহয়। বেলুচ যোদ্ধাসকলৰ বাবে ই হয়তো দশক দশক ধৰি চলি থকা সংঘাতত তেওঁলোকৰ অনুভূত গুৰুত্বক আৰু অধিক শক্তিশালী কৰিব। ৱাশ্বিংটনৰ নিষেধাজ্ঞা তালিকাৰ পৰা বহু দূৰত, বেলুচিস্তানৰ ঠেক পাহাৰ আৰু সীমান্ত অঞ্চলত, আমেৰিকাৰ নিষেধাজ্ঞাৰ সৈতে বা অবিহনেও ভূমি, সম্পদ আৰু ৰাজনৈতিক নিয়ন্ত্ৰণৰ বাবে প্ৰকৃত যুদ্ধ চলি থাকিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
