ইতিহাসত ১৪ আগষ্টৰ দিনটো উপমহাদেশখনৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু আৱেগিক হৈ আহিছে। ১৯৪৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা আন্দোলনৰ মাজতে উপমহাদেশখন বিভক্ত হৈ ভাৰত আৰু পাকিস্তানৰ ৰূপত দুখন পৃথক ৰাষ্ট্ৰ অস্তিত্বলৈ আহে।
এই বিভাজনে লাখ লাখ মানুহৰ জীৱনত গভীৰ পৰিৱৰ্তন আনিছিল। সীমাৰেখা অংকন কৰাৰ পিছত কোটি কোটি লোকে ঘৰ এৰি নতুন সীমান্ত পাৰ হ’বলগীয়া হৈছিল। এই সময়ছোৱাত বৃহৎ পৰিসৰৰ হিংসা, সংঘৰ্ষ আৰু মানৱীয় ট্ৰেজেডীয়ে দুয়োখন দেশতে গভীৰ আঘাত কৰিছিল। ইতিহাসবিদসকলৰ মতে, বিভাজনৰ সময়ত প্ৰায় এক কোটিৰ পৰা ডেৰ কোটি লোক স্থানচ্যুত হোৱাৰ লগতে লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছিল।
পাকিস্তানে ১৪ আগষ্টত স্বাধীনতা দিৱস পালন কৰাৰ বিপৰীতে ভাৰতত এই দিনটো স্বাধীনতা দিৱসৰ প্ৰাকক্ষণ হিচাপে পালন কৰা হয়।
বিভাজনৰ যন্ত্ৰণা আৰু ট্ৰেজেডীক মনত পেলাবলৈ আৰু ভৱিষ্যত প্ৰজন্মক ইয়াৰ বিষয়ে সজাগ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ১৪ আগষ্টক ‘বিভাজন ভয়ানক স্মৃতি দিৱস’ হিচাপে ঘোষণা কৰে। আজিৰ দিনটোত বিভাজনৰ সময়ত সন্মুখীন হোৱা কষ্ট, ত্যাগ আৰু সাহসৰ কাহিনী সমগ্ৰ দেশতে ভাগ-বতৰা কৰা হয়, যাতে ইতিহাসৰ এই কঠিন সময়ছোৱাৰ পৰা শিক্ষা ল’ব পৰা যায় আৰু ঐক্য আৰু সম্প্ৰীতিৰ মনোভাৱক প্ৰসাৰিত কৰিব পৰা যায়।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৮৬২ – বম্বে উচ্চ ন্যায়ালয় স্থাপন।
১৯০৮ – ইংলেণ্ডত প্ৰথম সৌন্দৰ্য্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
১৯১৭ – চীনে জাৰ্মানী আৰু অষ্ট্ৰিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯২০ – বেলজিয়ামৰ এণ্টৱাৰ্পত অলিম্পিক গেমছ আৰম্ভ হয়।
১৯৩৬ – বাৰ্লিনত প্ৰথম অলিম্পিক বাস্কেটবল খেল অনুষ্ঠিত হয়।
১৯৩৮ – বিবিচিৰ প্ৰথমখন বৈশিষ্ট্যপূৰ্ণ ছবি (Student of Prague) টেলিভিছনত সম্প্ৰচাৰিত হয়।
১৯৪৭ – আজিৰ দিনটোতে ভাৰত বিভাজন হৈ পাকিস্তান এক সুকীয়া জাতিলৈ পৰিণত হয়। ১৯৬৮ চনত মোৰাৰজী দেশাইক পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান নিশান-ই-পাকিস্তান সন্মানেৰে সন্মানিত কৰা হয়।
১৯৭১ – বাহৰেইনে ১১০ বছৰৰ পাছত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে।
১৯৭৫ – পাকিস্তানী সেনাই ৰাষ্ট্ৰপতি মুজিবুৰ ৰহমানক উৎখাত কৰে।
২০০১ – মেচিডোনিয়া চৰকাৰ আৰু আলবেনিয়ান বিদ্ৰোহীৰ মাজত চুক্তি, আইৰিছ ৰিপাব্লিকান সেনাই নিৰস্ত্ৰ কৰিবলৈ অস্বীকাৰ কৰে।
২০০২ – পাকিস্তানৰ ৰাষ্ট্ৰপতি জেনেৰেল পাৰভেজ মুশ্বাৰফে কাশ্মীৰৰ নিৰ্বাচনক নকল বুলি অভিহিত কৰে।
২০০৬ – ৰাষ্ট্ৰসংঘৰ উদ্যোগত ইজৰাইল আৰু দক্ষিণ লেবাননৰ মাজত পাঁচ সপ্তাহজোৰা সংঘাতৰ অন্ত পৰে।
২০০৬ – ইৰাকৰ কাহটানিয়াত বোমা বিস্ফোৰণত ৪০০ জন লোক নিহত হয়।
২০০৭– পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফ আৰু পাকিস্তান পিপলছ পাৰ্টিৰ সভাপতি তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰৰ মাজত চুক্তি হয়।
ইজিপ্তত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত ৬৩৮ জন লোকৰ মৃত্যু হয়।
জন্ম
১৯৯৫ – ঐশ্বৰ্য পিছাই – ভাৰতীয় চাৰ্কিট আৰু অফ-ৰোড মটৰ চাইকেল দৌৰবিদ।
১৯৭০ – ৰামেশ্বৰ তেলী – ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ আৰু অসমৰ সক্ৰিয় ভাৰতীয় ৰাজনীতিবিদ।
১৯৬৮ – প্ৰবীণ আমৰে, ভাৰতীয় ক্ৰিকেটাৰ।
১৯৫৭ – জনী লিভাৰ – হিন্দী ছবিৰ বিখ্যাত কমেডিয়ান।
১৯৪১ – টি ভি ৰামকৃষ্ণন – ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
১৯২৪ – কুলদীপ নায়াৰ – ভাৰতৰ বিখ্যাত সাহিত্যিক আৰু সাংবাদিক।
১৯২৪ – চৈয়দ মুজাফ্ফৰ হুছেইন বাৰ্নি – উৰিষ্যা কেডাৰৰ এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল।
১৯০০ – এছ কে পাটিল – মুম্বাইৰ বিশিষ্ট নেতা আৰু কেন্দ্ৰীয় চৰকাৰৰ বহু বিভাগৰ মন্ত্ৰী আছিল।
মৃত্যু
১৯৪১ – আজিৰ দিনটোতে কেছাৰী সিং বৰহাট – বিখ্যাত ৰাজস্থানী কবি আৰু স্বাধীনতা সংগ্ৰামী।
১৯৭৯ – এডৱাৰ্ড গ’বাৰ্ট – পুডুচেৰী ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী।
১৯৮৪ – খছাবা জাধৱ – হেলচিংকি অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় মল্লযুঁজাৰু।
১৯৮৮ – কৈলাশ নাথ ৱানচু – ভাৰতৰ দশম মুখ্য ন্যায়াধীশ।
১৯৯৬ – অমৃতৰাই – বিখ্যাত ঔপন্যাসিক, ৰচনাকাৰ, সমালোচক আৰু অনুবাদক।
২০০০ – হাৱা সিং – ভাৰতীয় বক্সাৰ।
২০০৭ – য়েনো মিনাগাৱা – বিশ্বৰ আটাইতকৈ বয়সীয়াল জাপানী মহিলা।
২০১১- শম্মি কাপুৰ – বিখ্যাত অভিনেতা।
২০১২ – বিলাসৰাও দেশমুখ – ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।
২০১৭ – চন্দ্ৰকান্ত দেওতালে – বিখ্যাত ভাৰতীয় কবি আৰু সাহিত্যিক।
২০১৮ – বলৰামজী দাস তণ্ডন – ছত্তীশগড়ৰ প্ৰাক্তন ৰাজ্যপাল।
২০২২ – ৰাকেশ ঝুনঝুনৱালা – ভাৰতৰ বিনিয়োগকাৰী আৰু ষ্টক ব্যৱসায়ী।
গুৰুত্বপূৰ্ণ দিন
-বিশ্ব যুৱ দিৱস।
-বিভাজন ভয়ানক স্মৃতি দিৱস।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
