নতুন দিল্লী, ১২ আগষ্ট (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত নিম্নগামী ধাৰা দেখা গৈছে। সোণৰ মূল্য আজি প্ৰতি ১০ গ্ৰামত ৮০০ৰ পৰা ৮৮০ টকালৈ সস্তা হৈছে। একেদৰে আজি ৰূপৰ মূল্যও প্ৰতি কেজিত ২০০০ টকাৰ দুৰ্বলতা ৰেকৰ্ড কৰা হৈছে। মূল্য হ্ৰাসৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০১,৪০০ টকাৰ পৰা ১,০১,৫৫০ টকাৰ স্তৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণো আজি প্ৰতি ১০ গ্ৰামত ৯২,৯৫০ টকাৰ পৰা ৯৩,১০০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কেজি ১,১৫,০০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ১,০১,৫৫০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৩,১০০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০১,৪০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,৯৫০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,০১,৪৫০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৩ হাজাৰ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০১,৪০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,৯৫০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্য ১,০১,৪০০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৯২,৯৫০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দৰ ১,০১,৫৫০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ৯৩,১০০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দাম ১,০১,৪৫০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৩,০০০ টকা। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০১,৫৫০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৩,১০০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য সস্তা হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্য ১,০১,৪০০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯২,৯৫০ টকাত বিক্ৰী হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
