বাক্সা, ১১ আগষ্ট (হি.স.)। বাক্সাৰ বৰমাত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ। বজৰং দল আৰু আৰক্ষীৰ যুটীয়া অভিযানত জব্দ ২০ টাকৈ চোৰাং গৰু।
চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষী আৰু বজৰং দলৰ অভিযান চলি থকাৰ মাজতে বাক্সাৰ বৰমা আৰক্ষীয়ে খেদি খেদি ঘগ্ৰাপাৰত জব্দ কৰে চোৰাং গৰু ভৰ্তি এখন ট্ৰাক।
বৰপেটাৰ পৰা এএছ ২৫এফচি ৭০২৯ নম্বৰৰ ট্ৰাকত ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গুৱাহাটী অভিমুখে লৈ গৈ আছিল ২০ টা হালোৱা গৰু। গোপন সুত্ৰৰ পম খেদি বৰমা বজৰং দলৰ নেতৃত্বই বৰমা আৰক্ষীৰ সহযোগত বৰমা মাধপুৰত ট্ৰাকখন ৰখাবলৈ চেষ্টা কৰে যদিও পলায়ন কৰে গৰু ভৰ্তি ট্ৰাক খন।
পিচত বৰমা বজৰং দল আৰু বৰমা আৰক্ষীয়ে পিচে পিচে খেদি গৈ ঘগ্ৰাপাৰত জব্দ কৰে গৰু ভৰ্তি ট্ৰাকখন।
ট্ৰাকত থকা ২০ টা হালোৱা গৰু বৰমা আৰক্ষীয়ে ৰঙিয়াৰ গো শালাত ৰাখি ট্ৰাকখন বৰমা আৰক্ষী থানাই জব্দ কৰে ইফালে ট্ৰাক খনৰ চালক বৰপেটাৰ ফুলচান্দ আলী নথিপত্ৰ আনিবলৈ গৈ পলায়ন কৰে । বৰমা আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহ কৰা সন্দেহত ৬৪ /২০২৫ নং গোচৰ এটি ৰুজু কৰে।
সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে বৰমা আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
