
বাক্সা, ১১ আগষ্ট (হি.স.): বাক্সা জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাত য়োৱাকালি দেওবাৰে বিয়লি অনুষ্ঠিত হয় এখন অসম জাতীয় পৰিষদ দলৰ সাংগঠনিক সভা। এই সভাত উপস্থিত হয় দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ । গোৰেশ্বৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে লুৰিণজ্যোতি গগৈয়ে ।
গোৰেশ্বৰ মহৰিপাৰাত জাতীয় পৰিষদৰ দলীয় আৰু যোগদান সভাত লুৰিন জ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ‘‘লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পন শব্দটো নাই । মুখ্যমন্ত্ৰীয়ে গোলাঘাট, কাৰ্বি আংলং, পৰ্বতজোৰাৰ মাটি বণিকগোষ্ঠীক নিদিও বুলি শপতনামা দিয়ক । বড়োভূমিক হিমন্ত বিশ্ব শৰ্মাই এটিএম হিচাপে ব্যৱহাৰ কৰিছে । মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমত দিয়া চৰিত্ৰপাঠ খন নিজে ভালদৰে পঢ়ক । জালুকবাৰী সমষ্টিৰ ৰেলৱে মাটিত কেতিয়া উচ্ছেদ চলাব মুখ্যমন্ত্ৰীয়ে তাৰ শপতনামা দিয়ক বুলি মন্তব্য আগবঢ়ায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
লগতে বিজেপিৰ ভয়ংকৰ মায়াজালত ভৰি নিদিবলৈ বিপিএফক আহ্বান জনাই লুৰিণজ্যোতি গগৈয়ে । বড়োভূমিত বড়ো জনজাতিৰ সমান্তৰালভাৱে প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম-অধিকাৰ আৰু সম-বিকাশৰ হৈ অজাপ দলে মাত মাতি যাব বুলি উল্লেখ কৰে লুৰিণজ্যোতি গগৈয়ে । তদুপৰি বিটিআৰ প্ৰায় ১২ টা সমষ্টিত এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিটিআৰৰ শাসনৰ অংশীদাৰ হোৱাৰ ৰণত নামিব বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ।
সভাত শতাধিক লোকে জাতীয় পৰিষদত যোগদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
