
অকল সুকৰ নহয় সুকৰৰ লগতে সুকৰৰ পত্নিও জঢ়িত ড্ৰাগছৰ ব্যৱসায়ত।
গৌৰীপুৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ এইবাৰ আটক সুকৰ আলী আৰু পত্নী।
ধুবুৰী, ১১ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰীকান্দি সৰকাৰ পাৰাত যোৱা কালি দেওবাৰে বিয়লি গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলে। ড্ৰাগছ ব্যৱসায়ী সুকৰ আলীৰ ঘৰত চলিল এই অভিযান। আৰক্ষীৰ অভিযানত সুকুৰৰ ঘৰৰ পৰা বহু সংখ্যক নিচাযুক্ত টেবলেট আৰু ১১ হাজাৰ নগদ ধন সহ বহু আপত্তি জনক বয় বস্তু জব্দ কৰিবলৈ সক্ষম হয়।
অভিযোগ অনুসৰি পত্নী গলেমা খাতুনৰ লগত মিলি দীৰ্ঘ দিনৰ পৰাই গৌৰীপুৰৰ বিভিন্ন স্থানত নিচা যুক্ত দ্ৰব্য বিক্ৰী কৰি আহিছিল সুকৰে। অৱশেষত আৰক্ষীৰ অভিযানত দম্পত্তিহালক নিচাযুক্ত টেবলেট আৰু নগদ ধন সহ আটক কৰিবলৈ সক্ষম হয়। বৰ্ত্তমান সুকুৰ আলী আৰু তেওঁৰ পত্নীক সোধা পোচা অব্যাহত ৰাখিছে গৌৰীপুৰ আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
