• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > অসম আন্দেলনৰ পিছত বিজেপিৰ নেতৃত্বৰ বাদে কোনো চৰকাৰে এজনো সন্দেহযুক্ত পূৰ্ববংগমূলীয় বেদখলকাৰী মুছলমানৰ ঘৰ উচ্ছেদ কৰিব পৰা নাছিল- ৰাজ্যিক বিজেপি
Regional

অসম আন্দেলনৰ পিছত বিজেপিৰ নেতৃত্বৰ বাদে কোনো চৰকাৰে এজনো সন্দেহযুক্ত পূৰ্ববংগমূলীয় বেদখলকাৰী মুছলমানৰ ঘৰ উচ্ছেদ কৰিব পৰা নাছিল- ৰাজ্যিক বিজেপি

CliQ INDIA
Last updated: August 11, 2025 9:45 am
CliQ INDIA
Share
3 Min Read
SHARE

গুৱাহাটী, ১০ আগষ্ট (হি.স.)। এতিহাসিক অসম আন্দোলনৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ বাদে কোনো চৰকাৰে এজনো সন্দেহযুক্ত পূৰ্ববংগমূলীয় বেদখলকাৰী মুছলমানৰ ঘৰ উচ্ছেদ কৰিব পৰা নাছিল। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়ালৈকে প্ৰায় ১ লাখ ৫০ হাজাৰ বিঘা ভূমি বেদখল মুক্ত কৰি বনাঞ্চল, জলাশয়, পি জি আৰ আৰু ভি জি আৰ লৈ উভতাই দিয়া হৈছে।

আজি অসম প্রদেশ,বিজেপিৰ এক বিবৃতি যোগে মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই কয় যে ইতিমধ্যে গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্রায় ১০ হাজাৰ বিঘা চৰকাৰী ভূমিত উচ্ছেদ চলোৱাৰ পিছত অসম চৰকাৰে ১৫,০০০ গছ পুলি ৰুই এক বৃহৎ বৃক্ষ-ৰোপণ অভিযান আৰম্ভ কৰিছে। অসমত এতিয়াও ২৯ লাখ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ বাকী আছে। বিজেপি শাসিত অসম চৰকাৰখনে সত্ৰৰ ভূমি, বনাঞ্চলৰ ভূমি, জলাশয়ৰ ভূমি, ৰাজহুৱা অনুষ্ঠান, জাতীয় অনুষ্ঠান-প্রতিষ্ঠানৰ ভূমি বেদখল মুক্ত কৰি আহিছে। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ জন্মভূমি এতিহাসিক বটদ্ৰৱা সত্ৰৰ ১৩০ বিঘা ভূমিকে ধৰি অসমৰ সত্ৰসমূহৰ প্রায় ১৬ হাজাৰ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে।

বৰ্তমান বটদ্ৰৱা সত্ৰৰ বেদখল মুক্ত ১৮০ বিঘা ভূমিত অসম চৰকাৰে ১৮৬ কোটি টকা ব্যয় কৰি এটা অত্যাধুনিক প্রকল্প নিৰ্মাণ কৰি আছে। উক্ত প্রকল্পৰ অধীনত গুৰু আসন, সংগ্ৰহালয়, বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি- সংস্কৃতিৰ লগতে তাত গুৰুজনাৰ সৃষ্ট কৃষ্টি-সংস্কৃতি সমূহ প্রতিফলিত হ`ব। ছিপাব্বাৰৰ গৰুখুটীৰ অষ্টম শতিকাৰ এতিহ্যমণ্ডিত ধলপুৰ শিৱধামৰ ১৮০ বিঘা ভূমিকে ধৰি ৭৮০০ বিঘা ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰি উন্নয়নমূলক প্ৰকল্পলৈ পৰিবৰ্তিত কৰা হৈছে। আজি অসম চৰকাৰৰ তত্বাৱধানত উক্ত ঠাইত গৰুখুটী বহুমুখী কৃষি প্রকল্পৰ অধীনত বেদখল মৃক্তভূমিত প্রায় ৩০০ স্থানীয় যুৱক-যুৱতী কৃষি সৈনিক হিচাপে সংস্থাপিত হৈ আছে। গো-পালন, গাহৰি পালনৰ লগতে সৰিয়হ, মাকৈ, মাতিমাহ, তিল আৰু ৰঙালাউ খেতিৰ জৰিয়তে ২০২৪-২৫ বৰ্ষত গৰুখুটী প্ৰকল্পই ৪ কোটি ৮৫ লাখ টকা উপাৰ্জন কৰিছে।

শৰ্মাই উল্লেখ কৰে যে ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছদলকে ধৰি বিৰোধী দলসমূহ আৰু তথাকথিত বাওঁপন্থী চিন্তাধাৰাৰ লোকসকলে সন্দেহযুক্ত পূৰ্ববংগমূলীয় মুছলমান লোকসকলক লৈ কৰা স্বজন-তোষণৰ ৰাজনীতিক তীব্ৰ ভাবে নিন্দা কৰিছে। যিসকল লোকে খিলঞ্জীয়া জাতীয় সত্তাক ধ্বংস কৰাৰ বাবে অহৰহ ষড়যন্ত্ৰ কৰি আহিছে আৰু লগতে সন্দেহযুক্ত বেদখলকাৰীসকলক অসমৰ বৰঘৰলৈ লৈ অহাৰ বাবে এই দলসমূহে চলোৱা নিৰন্তৰ অপচেষ্টাক মুকলি প্ৰত্যাহ্বান দি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগস্তক দিনতো ন্যায় সংগতভাৱে উচ্ছেদ চলিবই বুলি দৃঢ়তাৰে প্রকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

You Might Also Like

শিৱসাগৰতো জিলা প্ৰশাসনৰ উদ্যোগত ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন
বশিষ্ঠ আৰক্ষীৰ জালত গভাইত চোৰ
অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰীৰ দখলত থকা কৰিমগঞ্জত ৪০০০ বিঘা ভুমি উচ্ছেদৰ দাবী
ধিঙৰ আহোম গাঁৱত সংখ্যালঘু নেতাৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ।
মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইন্দোৰত সৰসংঘচালক ভাগৱতে উদ্বোধন কৰিলে কেন্সাৰ কেয়াৰ চেণ্টাৰ
Next Article ইতিহাসৰ পাতত ১২ আগষ্টঃ স্বাধীন ভাৰতৰ প্ৰথম অলিম্পিক স্বৰ্ণ পদক লাভ, লণ্ডনত উৰিল ত্ৰিৰংগা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?