
নতুন দিল্লী, ১১ আগষ্ট (হি.স.)। অপাৰেচন সিন্দুৰত শোচনীয়কৈ পৰাজিত হোৱাৰ পাছতো পাকিস্তানে ভাবুকি দিয়াৰ পৰা বিৰত থকা নাই। পাকিস্তানৰ সেনা মুৰব্বী তথা স্বঘোষিত ফিল্ড মাৰ্শ্বাল আচিম মুনিৰে পুনৰ ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিছে। বৰ্তমান আমেৰিকা ভ্ৰমণত আছে মুনিৰ আৰু তেওঁ ফ্ল’ৰিডাৰ টাম্পাস্থিত গ্ৰেণ্ড হায়াট হোটেলত নিশাৰ আহাৰ গ্ৰহণৰ সময়ত এই বিতৰ্কিত বক্তব্য আগবঢ়ায়।
নিশাৰ আহাৰ গ্ৰহণত উপস্থিত পাকিস্তানী ব্যৱসায়ী আদনান আছাদ আৰু অন্যান্য অতিথিসকলৰ সন্মুখত মুনিৰে কয় যে যদি ভাৰতৰ সৈতে হোৱা যুদ্ধত পাকিস্তানৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰে, তেন্তে “আমি আধা বিশ্বক লগত লৈ যাম”। তেওঁ লগতে কয় যে সিন্ধু নদী ভাৰতীয়ৰ পূৰ্বপুৰুষৰ সম্পত্তি নহয় আৰু পাকিস্তানত ক্ষেপণাস্ত্ৰৰ অভাৱ নাই।
মুনিৰে অভিযোগ কৰে যে ভাৰতে সিন্ধু জল সন্ধি উলংঘা কৰি ২৫ কোটি লোকক ভোক আৰু পিয়াহৰ বিপদত পেলাইছে। তেওঁ সকীয়াই দিয়ে যে পাকিস্তানে ভাৰতে বান্ধ নিৰ্মাণৰ বাবে অপেক্ষা কৰিব আৰু যেতিয়া এই বান্ধ সাজু হ’ব তেতিয়া ক্ষেপণাস্ত্ৰৰে উৰুৱাই দিব।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকিৰ প্ৰতি ভয় খাবলৈ যোৱা নাই। কেৱল এয়াই নহয়, প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় সংসদ আৰু বহু মঞ্চত বাৰে বাৰে পুনৰাবৃত্তি কৰি আহিছে যে অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, পিছুৱাই দিয়া হৈছে। পাকিস্তানৰ পৰা যিকোনো সন্ত্ৰাসবাদী কাৰ্যক যুদ্ধৰ কাৰ্য্য বুলি গণ্য কৰা হ’ব আৰু ইয়াৰ প্ৰতি কঠোৰ প্ৰত্যুত্তৰ দিয়া হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
