কাঠমাণ্ডু, ১০ আগষ্ট (হি.স.)। বিদ্যালয় শিক্ষা বিধেয়কৰ প্ৰতিবাদত নেপালৰ ব্যক্তিগত বিদ্যালয় পৰিচালকসকলে সমগ্ৰ দেশৰ সকলো ব্যক্তিগত বিদ্যালয় বন্ধ কৰিবলৈ সকীয়াই দিছে। ব্যক্তিগত বিদ্যালয়সমূহক অলাভজনক প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ থকা বিধেয়কখনৰ পৰা এই ব্যৱস্থা আঁতৰোৱাৰ দাবী জনাইছে বিদ্যালয় পৰিচালকসকলে।
কাঠমাণ্ডুত অনুষ্ঠিত এক যৌথ সংবাদ সভাত ব্যক্তিগত বিদ্যালয়, ব্যক্তিগত আৰু বৰ্ডিং স্কুল সংস্থা নেপাল, উচ্চতৰ মাধ্যমিক বিদ্যালয় সন্থা নেপাল আৰু ৰাষ্ট্ৰীয় ব্যক্তিগত আৰু বৰ্ডিং স্কুল সন্থা নেপালৰ প্ৰতিনিধি সংস্থাইও শিক্ষা বিধেয়কৰ পৰা ‘পূৰ্ণ বৃত্তি’ শব্দটো আঁতৰাবলৈ আহ্বান জনাইছে। এই সংগঠনসমূহে কয় যে ব্যক্তিগত বিদ্যালয়সমূহে মুঠ আসনৰ ১০ শতাংশ বৃত্তিৰ বাবে আবণ্টন দি থাকিব। এই বৃত্তিৰ অধীনত কেৱল নামভৰ্তি মাচুল, বাৰ্ষিক মাচুল আৰু মাহিলী টিউচন মাচুলহে আদায় কৰা হ’ব বুলি জানিবলৈ দিছে।
সংগঠনটোৰ সাধাৰণ সম্পাদক আৰ বি কটৱালে সংবাদমেলত কয় যে চৰকাৰে হয় ব্যক্তিগত বিদ্যালয় ৰাষ্ট্ৰীয়কৰণ কৰিব লাগে নহয় ভাউচাৰ ব্যৱস্থা ৰূপায়ণ কৰিব লাগে যাতে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয় বাছি ল’ব পাৰে। যদি বুধবাৰৰ ভিতৰত এই দাবীসমূহ পূৰণ নহয় তেন্তে আমি বৃহস্পতিবাৰৰ পৰা সকলো ব্যক্তিগত বিদ্যালয় বন্ধ কৰিবলৈ বাধ্য হ’ম। ব্যক্তিগত বিদ্যালয়সমূহক অলাভজনক সত্তা হিচাপে পঞ্জীয়ন কৰাৰ প্ৰস্তাৱটো তেওঁলোকৰ কাৰ্য্যকলাপ নিয়ন্ত্ৰণ কৰা কোম্পানী আইন, ২০০১ৰ অধীনত থকা আইনী বিধানৰ বিপৰীত।
তেওঁ দাবী কৰে যে এই বৃত্তিৰ অধীনত পৰীক্ষাৰ মাচুল, পাঠ্যপুথি, ইউনিফৰ্মৰ খৰচ আৰু পৰিবহণ চাৰ্জ আদায় কৰাৰ প্ৰস্তাৱ বিনিয়োগ বিৰোধী, অবাস্তৱিক আৰু ব্যক্তিগত শিক্ষা নিৰ্মূল কৰাৰ উদ্দেশ্যেৰে। কটৱালৰ মতে, বিনিয়োগ অনুকূল শিক্ষা নীতি গঢ়ি তোলাত ব্যৰ্থ হোৱা আইনে দেশৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিব আৰু বিনিয়োগকাৰীক নিৰুৎসাহিত কৰিব। ৰাজ্যৰ আদেশৰ অন্তৰ্গত দায়িত্ব ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাটো আমাৰ বাবে গ্ৰহণযোগ্য নহয়।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
