
শিৱসাগৰ, ১০ আগষ্ট (হি.স.): পৱিত্ৰ ৰাখীবন্ধনৰ পৱিত্ৰ দিনটোতে শনিবাৰে বিয়লি সিংহদুৱাৰত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা | এটা গুদামৰ ভিতৰত সংঘটিত হৈছে এই বিস্ফোৰণ | এই ঘটনাত দুজন লোক গুৰুত্বৰ ভাৱে আহত হয় | নাজিৰা সমজিলা সিংহদুৱাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো |
ডাম্পাৰত টেংকি স্থাপন কৰোতে দুজন যুৱক ভয়ংকৰ বিস্ফোৰণত আহত হয় | ফলত সংকটজনক অৱস্থাত জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে | ডাম্পাৰখনৰ নাম্বাৰ এএছ ০৬ বিচি ৩৪২৫ বুলি জানিব পৰা গৈছে | আনহাতে সংকটজনক অৱস্থাত থকা যুৱক দুজন ক্ৰমে জেলিল আহমেদ, ঘৰ সিংহদুৱাৰ আৰু আনজন মোজাকিৰ আলি, ঘৰ নাজিৰা ন-মাটি বুলি জানিব পৰা গৈছে |
স্থানীয় ৰাইজে যুৱক দুজনক জয়সাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে | লগতে ঘটনাস্থলীত নাজিৰা সমজিলা এটা উচ্চ পদস্থ আৰক্ষী বাহিনীৰ দল আহি উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে | যদিও ঘটনাৰ প্ৰকৃত ৰহস্য জানিব পৰা হোৱা নাই |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
