
গোলাঘাট, ১০ আগষ্ট (হি.স.): গোলাঘাটৰ নুমলীগড়ৰ ৩৯ নং ঘাইপথৰ পোৰাবাংলাত নুমলীগড় আৰক্ষীৰ নাকা চেকিঙত ঊদ্ধাৰ কৰা হয় ড্ৰাগছ। বাবু গড় নামৰ এজন যুৱকৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছ সহ চিৰিঞ্জ আৰু ড্ৰাগছ ল’বলৈ ব্যৱহাৰ কৰা সামগ্ৰী।
যুৱক জনৰ ঘৰ ৰংবঙত বুলি জানিব পৰা গৈছে । লুৰুকিহাতৰ পৰা ড্ৰাগছ খিনি আনিছিল বুলি জানিব পৰা গৈছে। নুমলীগড় আৰক্ষীয়ে যুৱক জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
