কুৱেটা, ০৯ আগষ্ট (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। ইয়াৰ বাবেই শিক্ষা, অনলাইন ব্যৱসায় আৰু সংবাদ মাধ্যমৰ বাতৰিৰ ক্ষেত্ৰত ব্যাপক ব্যাঘাত জন্মিছে। নিৰাপত্তাজনিত উদ্বেগৰ উদ্ধৃতি দি ফেডাৰেল চৰকাৰে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে প্ৰদেশখনত সক্ৰিয় সশস্ত্ৰ গোটসমূহৰ মাজত যোগাযোগ ৰোধ কৰা।
বেলুচিস্তান পোষ্টে বিষয়াসকলৰ উদ্ধৃতি দি বাতৰিটোত কয় যে আগষ্ট মাহত বিশেষকৈ পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ আশে-পাশে বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা সংস্থাসমূহৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পাকিস্তান দূৰসংযোগ কৰ্তৃপক্ষৰ অধিসূচনাত নিশ্চিত কৰা হৈছে যে সমগ্ৰ বেলুচিস্তানত ৩১ আগষ্টলৈকে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব।
চৰকাৰী মুখপাত্ৰ শ্বাহিদ ৰিন্দে কয় যে সশস্ত্ৰ সংগঠনে নিজৰ কাম-কাজৰ সমন্বয়ৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰি আছে। ইণ্টাৰনেট নিষিদ্ধ কৰাৰ উদ্দেশ্য হৈছে এনে যোগাযোগৰ মাধ্যম বিঘ্নিত কৰা। ফেডাৰেল চৰকাৰৰ এই পদক্ষেপক ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, সাংবাদিক আৰু মানৱ অধিকাৰ সংস্থাসমূহে তীব্ৰ সমালোচনা কৰিছে। অনলাইন ক্লাছত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকল অতিশয় বিচলিত। এচাইনমেণ্ট জমা দিব পৰা নাই। গ্ৰামাঞ্চলত পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে।
কুৱেটা, তুৰবাট, পাঞ্জগুৰ আৰু খুজদাৰৰ স্বতন্ত্ৰ সাংবাদিক আৰু উদ্যোগীসকলে কয় যে তেওঁলোকৰ জীৱিকা স্তব্ধ হৈ পৰিছে। এজন ব্যৱসায়ীয়ে কয়, আমাৰ সমগ্ৰ কাম ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল। এই বন্ধই আমাক আৰ্থিকভাৱে ধ্বংসৰ সীমালৈ লৈ গৈছে। ইয়াৰ ফলত সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানসমূহো প্ৰভাৱিত হৈছে। সাংবাদিকসকলে দাবী কৰে যে তেওঁলোকে অঞ্চলটোৰ পৰা বাতৰি সম্প্ৰচাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিছুমানে ইয়াক তথ্য ব্লেকআউট বুলি অভিহিত কৰিছে।
মানৱ অধিকাৰ সংগঠনসমূহে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি ইণ্টাৰনেট বন্ধক নাগৰিক স্বাধীনতা উলংঘা আৰু নাগৰিকৰ শিক্ষা, অৰ্থনৈতিক কাৰ্যকলাপ আৰু তথ্য লাভৰ মৌলিক অধিকাৰৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে। স্থানীয় ৰাজনৈতিক আৰু সামাজিক সংগঠনসমূহে যুক্তি আগবঢ়ায় যে চৰকাৰে নিৰাপত্তা বৃদ্ধি কৰাৰ পৰিৱৰ্তে জনসাধাৰণৰ ওপৰত সামূহিক শাস্তি প্ৰদান কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
