শ্ৰীনগৰ, ০৯ আগষ্ট (হি.স.)। জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ আখলৰ বনাঞ্চলত শনিবাৰে নৱম দিনাও অব্যাহত থাকে সংঘৰ্ষ। নিশা সংঘটিত হোৱা এই গুলীচালনাত আহত হয় চাৰিজন নিৰাপত্তাৰক্ষী।
বিষয়াসকলে জনোৱা মতে, উপত্যকাটোত চলি থকা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ ভিতৰত এইটো অন্যতম। তেওঁলোকে জনোৱা মতে, অভিযান আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে এঘাৰজন নিৰাপত্তাৰক্ষী আহত হৈছে। এতিয়াও অপাৰেচন অব্যাহত আছে বুলি জানিবলৈ দিয়ে।
এই বনাঞ্চলৰ তিনিটা স্থানত আঠজন সন্ত্ৰাসবাদী আত্মগোপন কৰি দিনৰ ভাগত গুলীচালনাৰ পৰা আঁতৰি আছে যদিও পলায়নৰ বাবে নিশা প্ৰচণ্ড গুলীচালনা কৰি আছে বুলি অনুমান কৰা হৈছে। আখলৰ এই অৰণ্য অতি ঘন য’ত বহুতো প্ৰাকৃতিক গুহা আছে য’ত এই সন্ত্ৰাসবাদী সকলে আত্মগোপন কৰি আছে।
নিৰাপত্তা বাহিনীয়ে ড্ৰোন আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰি বনাঞ্চলত সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে। লুকাই থকা সন্ত্ৰাসবাদীক হত্যা কৰাত নিৰাপত্তা বাহিনীকো সহায় কৰি আছে পেৰা কমাণ্ডো।
উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা তথ্যৰ পিছত ১ আগষ্টত দক্ষিণ কাশ্মীৰ জিলাৰ আখালৰ এটা বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে কৰ্ডন আৰু তালাচী অভিযান চলোৱাৰ পিছত আৰম্ভ হোৱা এই এনকাউণ্টাৰত এতিয়ালৈকে দুজন উগ্ৰপন্থী নিহত হৈছে।
বিষয়াসকলে জনোৱা মতে, যোৱা শুকুৰবাৰে উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰাৰম্ভিক গুলীচালনাৰ পিছত নিশাটোৰ বাবে অভিযান বন্ধ কৰি দিয়া হৈছিল যদিও কৰ্ডন শক্তিশালী কৰা হয় আৰু অতিৰিক্ত বাহিনীক ততাতৈয়াকৈ অঞ্চলটোলৈ প্ৰেৰণ কৰা হয়। পিছদিনা পুনৰ গুলীচালনা আৰম্ভ হোৱাৰ লগে লগে দুজন উগ্ৰপন্থী নিহত হয়। নিহত উগ্ৰপন্থী আৰু তেওঁলোকৰ গোটৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰি ধৰিছে আৰু ঘন বনাঞ্চলত লুকাই থকা উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষ অব্য়াহত আছে।
জম্মু-কাশ্মীৰ আৰক্ষী অধীক্ষক নলিন প্ৰভাত আৰু সেনাৰ উত্তৰ অধিনায়ক লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মাকে ধৰি আৰক্ষী আৰু সেনাৰ জ্যেষ্ঠ বিষয়াসকলে ২৪ ঘণ্টাই এই অভিযানৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
