আগৰতলা, ০৯ আগষ্ট (হি.স.)। ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ বিশ্ববন্ধু সেন শুকুৰবাৰে ধৰ্মনগৰলৈ গৈ থকা অৱস্থাত আগৰতলা ৰে’ল ষ্টেচনত হঠাতে অচেতন হৈ পৰে। লগে লগে তেওঁক ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। এই খবৰ পাই মুখ্যমন্ত্ৰী অধ্যাপক (ডাঃ) মাণিক সাহাই ততাতৈয়াকৈ চিকিৎসালয়লৈ গৈ সোধা-পোছা কৰে। পৰীক্ষাৰ অন্তত মগজুৰ আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে চিকিৎসকে তৎক্ষণাত অস্ত্ৰোপচাৰ কৰাৰ পৰামৰ্শ দিয়ে।
পিছত অধ্যক্ষক ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। তাত ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে যৌথভাৱে অধ্যক্ষৰ মগজুৰ অস্ত্ৰোপচাৰ কৰে। চিকিৎসকৰ সৈতে কথা পতাৰ অন্তত মুখ্যমন্ত্ৰী অধ্যাপক (ডাঃ) মাণিক সাহাই কয় যে অধ্যক্ষৰ অস্ত্ৰোপচাৰ সফল হৈছে আৰু বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ। আগন্তুক ৭২ ঘন্টালৈ তেওঁক পৰ্যবেক্ষণত ৰখা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
