ৱাশ্বিংটন, ০৮ আগষ্ট (হি.স.)। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে শুকুৰবাৰে স্পষ্ট কৰি দিয়ে যে আমেৰিকাৰ পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াৰ উদ্দেশ্য নাই। শেহতীয়াকৈ ফ্ৰান্স, কানাডা আৰু ব্ৰিটেইনে পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়াৰ দিশত পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ সময়ত এই বক্তব্য প্ৰকাশ কৰিছে।
ব্ৰিটিছ বৈদেশিক সচিব ডেভিদ লেমিৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকৰ সময়ত ভেন্সে কয় যে, পেলেষ্টাইনক স্বীকৃতি দিয়াৰ কোনো পৰিকল্পনা আমাৰ নাই। তাত কাৰ্যক্ষম চৰকাৰৰ অনুপস্থিতিৰ বাবে এই পদক্ষেপ কাৰ্যকৰীভাৱে সম্ভৱ যেন নালাগে।
ভ্যান্সে এই অঞ্চলত আমেৰিকা প্ৰশাসনৰ দুটা মূল লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে – প্ৰথমতে হামাছক ভাবুকি হিচাপে নিৰ্মূল কৰা আৰু দ্বিতীয়তে গাজাৰ মানৱীয় সংকট সমাধান কৰা। তেওঁ কয়, আমি বিচাৰো যে হামাছে কেতিয়াও নিৰীহ ইজৰাইলী নাগৰিকক আক্ৰমণ কৰিব নোৱাৰে, আৰু ইয়াৰ বাবে ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো প্ৰয়োজনীয়। লগতে গাজাৰ মানৱীয় সংকটৰ সৈতে জড়িত ভয়ানক দৃশ্যসমূহে ৰাষ্ট্ৰপতিগৰাকী গভীৰভাৱে প্ৰভাৱিত কৰিছে আৰু আমি এই সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
ইজৰাইলৰ গাজা চহৰ দখল কৰাৰ সিদ্ধান্ত সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰি ভ্যান্সে কয় যে এই বিষয়ত কূটনৈতিক আলোচনা চলি আছে। তেওঁ লগতে কয় যে এই বিষয়ত আনুষ্ঠানিক বক্তব্য সম্ভৱতঃ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই দিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
