ইছলামাবাদ, ০৮ আগষ্ট (হি.স.)। পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ দক্ষিণ ৱাজিৰস্তান জনজাতীয় জিলাৰ এখন ব্যস্ত বজাৰত বৃহস্পতিবাৰে এখন আৰক্ষীৰ বাহনত বোমা বিস্ফোৰণত কমেও চাৰিজন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে দুজন আৰক্ষীকে ধৰি ১৪জন লোক আহত হয়। এই পৰ্যন্ত এই বোমা বিস্ফোৰণৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই।
দ্য এক্সপ্ৰেছ ট্ৰিবিউন কাকতৰ বাতৰি অনুসৰি আৰক্ষীয়ে জনোৱা মতে, বোমা বিস্ফোৰণত আৰক্ষীৰ বাহনখনৰ আংশিক ক্ষতি হৈছে। নিহতসকলৰ ভিতৰত পথচাৰী আৰু দোকানীও আছে। ৱানা বজাৰৰ মূল টেক্সি ষ্টেণ্ডৰ সমীপত ৰাছ আৱাৰত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণ সংঘটিত হোৱাৰ লগে লগে বজাৰত বিশৃংখলতাৰ সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, টেক্সি ষ্টেণ্ডৰ ওচৰত আৰক্ষীৰ বাহনখন ৰৈ যোৱাৰ কিছু সময়ৰ পিছতে বোমাটো বিস্ফোৰণ ঘটে। ইয়াৰ ফলত বহু দোকানৰ গ্লাছ ভাঙি আতংকৰ সৃষ্টি হয়। আহতসকলক ততাতৈয়াকৈ জিলা সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
চিকিৎসালয়খনৰ চিকিৎসকে নিশ্চিত কৰিছে যে চাৰিজন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত দুজনৰ অৱস্থাও সংকটজনক। আহতসকলৰ ভিতৰত দুজন আৰক্ষীও আছে। ৱানাৰ ডি এছ পি ছাকিৰুল্লাই কয় যে ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি)ৰ দ্বাৰা এই বিস্ফোৰণ সংঘটিত কৰা হৈছে। দক্ষিণ ৱাজিৰিষ্টান ল’ৱাৰৰ উপ আয়ুক্তই এই ঘটনাৰ সম্যক তদন্তৰ নিৰ্দেশ দিছে।
যদিও পূৰ্বেও নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানে এনেধৰণৰ আক্ৰমণ চলাই আহিছে, তথাপিও আফগানিস্তানৰ সীমান্তৰ সিপাৰে থকা নিৰাপদ আশ্ৰয়স্থলৰ পৰাই পাকিস্তানত টিটিপিয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছে বুলি দাবী কৰিছে বিষয়াসকলে। বিষয়াসকলে জনোৱা মতে, যোৱা কেইমাহমানত এই অশান্ত জিলাখনৰ বিভিন্ন ঠাইত নিৰাপত্তা বাহিনী, আৰক্ষী আৰু সাধাৰণ নাগৰিকক লক্ষ্য কৰি আক্ৰমণৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে। ৱানা, বীৰমল, শকাই, লাধা আদি অঞ্চলত এনে ঘটনা এতিয়া নতুন নহয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
