চিনচিনাটি, ০৮ আগষ্ট (হি.স.)। এবছৰতকৈ অধিক সময়ৰ পাছত যোৱা মাহত ক’ৰ্টলৈ উভতি অহা প্ৰাক্তন ১ নম্বৰ টেনিছ তাৰকা ভেনাছ উইলিয়ামছে চিনচিনাটি অ’পেনৰ প্ৰথম ৰাউণ্ডত স্পেইনৰ জেচিকা ব’জাছ মানেইৰোৰ হাতত ৬-৪, ৬-৪ ব্যৱধান পৰাস্ত হৈছিল। এই খেলখন বৃহস্পতিবাৰে (ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে) অনুষ্ঠিত হৈছিল।
সাতবাৰৰ গ্ৰেণ্ড শ্লেম একক চেম্পিয়ন ভেনাছে এতিয়া পৰৱৰ্তী প্ৰতিযোগিতা ইউ এছ অ’পেনৰ বাবে প্ৰস্তুতি চলাব, য’ত তেওঁ ৰাইলী অপেলকাৰ সৈতে মিক্স ডাবলছৰ বাবে ৱাইল্ড কাৰ্ড এণ্ট্ৰি লাভ কৰিছে। ১৯ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই মেচসমূহ।ভেনাছে ভগ্নী চেৰেনা উইলিয়ামছৰ সৈতে ১৪টা গ্ৰেণ্ড শ্লেম ডাবলছ খিতাপ আৰু দুটা মিক্সড ডাবলছ খিতাপ দখল কৰিছে।
বিশ্ব ৰেংকিঙৰ ৫১ নম্বৰ স্থানত থকা ২২ বছৰীয়া ব’জাছ মানেইৰ’ই যোৱা সপ্তাহত মণ্ট্ৰিয়েলত প্ৰথমবাৰৰ বাবে ডব্লিউ টি এ ১০০০ কোৱাৰ্টাৰ ফাইনেল খেলিছিল। আমোদজনক কথাটো হ’ল যেতিয়া ভেনাছে প্ৰথম চাৰিটা গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰিছিল তেতিয়া মানেইৰোৰ জন্মও হোৱা নাছিল। ঘৰুৱা দৰ্শকৰ সমৰ্থনৰ পিছতো ভেনাছে সেৱাৰ খেলখনত সংগ্ৰাম কৰিছিল।
যোৱা মাহত ডিচি অ’পেনত পেটন ষ্টিয়াৰ্ন্সক পৰাস্ত কৰি ভেনাছে দুটা দশকৰো অধিক সময়ৰ ভিতৰত ডব্লিউ টি এ মেচত জয়ী হোৱা আটাইতকৈ বয়সীয়াল মহিলা হিচাপে পৰিগণিত হৈছিল। ১৬ মাহৰ পিছত এইখনেই আছিল তেওঁৰ প্ৰথমখন প্ৰতিযোগিতা আৰু ২০২৩ চনৰ চিনচিনাটি অ’পেনৰ পিছত প্ৰথম জয়।
২০১২ চনত ছেমি ফাইনেল আৰু ২০১৯ চনত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা চিনচিনাটি অ’পেনত ভেনাছৰ এইটোৱেই আছিল ১১ সংখ্যক।কেৰিয়াৰত তেওঁ মুঠ ১১ সপ্তাহ ধৰি বিশ্বৰ ১ নম্বৰ স্থানত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
