
ধুবুৰী, ০৮ আগষ্ট (হি.স.): ৰাজ্যত পুনৰ সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা। প্ৰথমে দলবদ্ধ ধৰ্ষণ, তাৰ পিছত লাঠিৰে কোবাই দুয়োখন হাত, লগতে ভৰি এখন ভাঙি পেলায় অসহায় মহিলা গৰাকীৰ। এইবাৰ ঘটনাৰ স্থান ধুবুৰী জিলাৰ বন্দিহানা উপ আৰক্ষী চকীৰ অন্তৰ্গত চৌধুৰীৰ চৰ দ্বিতীয় খণ্ড গাওঁ।
গাওঁ খনৰ বাসিন্দা ৰফিকুল ইছলামৰ প্ৰথমা পত্নী আফৰুজা খাতুনৰ সৈতে সংঘটিত হৈছে এই জঘন্য ঘটনা। অভিযোগ অনুসৰি নিজ স্বামী ৰফিকুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকে সংঘটিত কৰে এই ভয়ংকৰ আৰু লজ্জা জনক ঘটনা।উল্লেখ্য যে মহিলা গৰাকীৰ স্বামী ৰফিকুল ইছলামে কেইমাহমান পূৰ্বে চিৰাখোৱা গাঁৱৰ তিনি সন্তানৰ মাতৃ নাৰগিজ বেগমক পলুৱাই লৈ গৈ বিয়া কৰায়। তাৰ পিছৰ পৰাই আফৰুজাৰ সংসাৰ খনত নামি আহে কাল অমানিশা। দ্বিতীয় পত্নীৰ সৈতে মিলি ৰফিকুল ইছলামেপ্ৰথমা পত্নীক চলাই শাৰীৰিক আৰু মানসিক অত্যাচাৰ। অনুৰূপ ভাৱে যোৱা কালি দুপৰীয়া ৰফিকুল ইছলাম আৰু নাৰগিজ বেগমে মহিলা গৰাকীক ভয়ংকৰ ভাবে মাৰপিট কৰি আহত কৰে। আনহাতে কালি ৰাতি ৰফিকুল ইছলামে ভতিজা সৈনুল হক, মহিবুল হক আৰু কেইজনমানে লগলাগি মহিলা গৰাকীৰ হাত ভৰি বান্ধি দলবদ্ধ ধৰ্ষণ কৰি লাঠিৰে কোবাই গুৰুতৰভাৱে আহত কৰে। বৰ্তমান মহিলা গৰাকীয়ে হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে।ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
