নতুন দিল্লী, ০৭ আগষ্ট (হি.স.)। দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা অষ্ট্ৰেলিয়াৰ যুৱ অ’পেনাৰ ছেম কনষ্টাছক ভাৰত ভ্ৰমণৰ বাবে অষ্ট্ৰেলিয়া এ দলত অন্তৰ্ভুক্ত কৰা হৈছে। অহা মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া দুখন চাৰিদিনীয়া খেলৰ বাবে দলত নিৰ্বাচিত হৈছে ১৯ বছৰীয়া কনষ্টাছ। মুখ্য নিৰ্বাচক জৰ্জ বেইলীয়ে এই অভিজ্ঞতাক খেলুৱৈসকলৰ বাবে “অমূল্য” বুলি অভিহিত কৰিছে।
ৱেষ্ট ইণ্ডিজ ভ্ৰমণত দুৰ্বল প্ৰদৰ্শনৰ পিছতো কনষ্টাছক ভাৰত ভ্ৰমণৰ সুযোগ দিয়া হৈছে। চাৰিদিনীয়া দলত অন্তৰ্ভুক্ত হোৱা তেওঁ বৰ্তমানৰ একমাত্ৰ টেষ্ট খেলুৱৈ। ইয়াৰ উপৰিও টেষ্ট কেপ ধাৰী কুপাৰ কনলি, টড মাৰ্ফি আৰু নাথান মেকছুইনীও ১৪ জনীয়া দলটোৰ অংশ। তিনিখন এদিনীয়া মেচৰ বাবে এটা সুকীয়া অষ্ট্ৰেলিয়া এ দলো ঘোষণা কৰা হৈছে।
বেইলীয়ে কয়, উপমহাদেশখনৰ পৰিস্থিতি বিশেষ আৰু ইয়াত খেলিলে খেলুৱৈয়ে নিজৰ খেলখন ভালদৰে বুজিব পাৰে। এই পৰিস্থিতিত বাৰে বাৰে খেলিলে খেলুৱৈসকলে ভৱিষ্যত ভ্ৰমণৰ বাবে সাজু হ’ব পাৰে। যোৱা বছৰ বক্সিং ডে’ টেষ্টত ভাৰতৰ বিৰুদ্ধে ৬০ ৰানৰ সুন্দৰ ইনিংছ খেলিছিল কনষ্টাছে, কিন্তু তাৰ পিছত তেওঁ অবিৰতভাৱে সংগ্ৰাম কৰি আহিছে। শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা ছিৰিজত তেওঁ ৬ ইনিংছত ২৫ ৰানও অতিক্ৰম কৰিব পৰা নাছিল।
অষ্ট্ৰেলিয়া এ চাৰিদিনীয়া দল:
জেভিয়াৰ বাৰ্টলেট, কুপাৰ কনলি, জেক এডৱাৰ্ডছ, এৰন হাৰ্ডি, কেম্পবেল কেলাৱে, ছেম কনষ্টাছ, নাথান মেকছুইনী, লেন্স মৰিছ, টড মাৰ্ফি, ফাৰ্গাছ অ’নিল, অলিভাৰ পিক, জোছ ফিলিপ, ক’ৰি ৰচিঅ’লি, লিয়াম স্কট
অষ্ট্ৰেলিয়া এ এদিনীয়া দল:
কুপাৰ কনলি, হেৰী ডিক্সন, জেক এডৱাৰ্ডছ, ছেম ইলিয়ট, জেক ফ্ৰেজাৰ-মেকগাৰ্ক, এৰন হাৰ্ডি, মেকেঞ্জী হাৰ্ভি, টড মাৰ্ফি, টানবীৰ সংঘ, লিয়াম স্কট, লেকি শ্ব’, টম ষ্ট্ৰেকাৰ, উইল চাথাৰলেণ্ড, কেলাম ভিডলাৰ
অষ্ট্ৰেলিয়া এ বনাম ইণ্ডিয়া এ মেচৰ সময়সূচী:
১৬-১৯ ছেপ্টেম্বৰ : চাৰিদিনীয়া প্ৰথমখন খেল – লক্ষ্ণৌ
২৩-২৬ ছেপ্টেম্বৰ : দ্বিতীয়খন চাৰিদিনীয়া খেল – লক্ষ্ণৌ
৩০ ছেপ্টেম্বৰ : প্ৰথম এদিনীয়া – কানপুৰ
৩ অক্টোবৰ : দ্বিতীয় এদিনীয়া – কানপুৰ
৫ অক্টোবৰ : তৃতীয় এদিনীয়া – কানপুৰ
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
