নগাঁও, ০৬ আগষ্ট (হি.স.)। আজি মুখ্যমন্ত্ৰী নিযুত মইনা আচঁনি-২.০ৰ আবেদন পত্ৰ বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱৰ চামগুৰি মহাবিদ্যালয়টো ভাৰ্চুৱেলী ভাৱে শুভাৰম্ভ হ’লমুখ্যমন্ত্ৰী নিযুত মইনা আচঁনি-২.০ৰ আবেদন পত্ৰ বিতৰণৰ কাৰ্যসূচী।
নগাঁৱৰ চামগুৰি মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি-২.০আবেদন প্ৰত্ৰ বিতৰণৰ ভাৰ্চুৱেলী শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে স্থানীয় চামগুৰিৰ সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মা। চামগুৰিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই চামগুৰি মহাবিদ্যালয়ৰ প্ৰায় দুশ গৰাকী ছাত্ৰীক বিতৰণ কৰে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি-২.০ৰ আবেদন পত্ৰ উক্তঅনুষ্ঠানতে বিধায়ক জনে সাংবাদিক সকলৰ লগত মত-বিনিময় কৰি উচ্ছেদ আৰু জাতি মাটি ভেটি সম্বন্ধে বিৰূপ মন্তব্য কৰা ৰাজনৈতিক দল তথা সংগঠন সমুহক চোকা সমালোচন কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
