অয়ন মুখাৰ্জীৰ পৰিচালনাত নিৰ্মিত ‘ৱাৰ ২’ চলিত বৰ্ষৰ অন্যতম প্ৰত্যাশিত ছবি। দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে ইয়াৰ বাবে। আদিত্য চোপ্ৰাই প্ৰযোজনা কৰা এই ছবিখনৰ বিশেষত্ব হ’ল প্ৰথমবাৰৰ বাবে পৰ্দাত মুখামুখিকৈ দেখা যাব হৃতিক ৰোশন আৰু জুনিয়ৰ এন টি আৰক। এতিয়া ছবিখন সন্দৰ্ভত আদিত্য চোপ্ৰাৰ কৌশল প্ৰকাশ পাইছে। তেওঁৰ মাষ্টাৰ প্লেন কি জানো আহক।
খবৰ অনুসৰি ‘ৱাৰ ২’ৰ বাবে আদিত্য চোপ্ৰাই ‘কাজৰা ৰে’, ‘ধূম ৩’ আৰু ‘কমলী’ৰ দৰে প্ৰচাৰ কৌশল গ্ৰহণ কৰিছে। তেওঁ সিদ্ধান্ত লৈছে যে ছবিখন মুক্তিৰ পূৰ্বে ঋত্বিক ৰোশন আৰু জুনিয়ৰ এন টি আৰৰ হাই অক্টেন ডান্স নম্বৰ সম্পূৰ্ণৰূপে উপস্থাপন কৰা নহ’ব। গীতটোত দুয়োগৰাকী তাৰকাৰ প্ৰচণ্ড সংঘৰ্ষ হ’ব, যাৰ আভাস চলিত সপ্তাহৰ শেষৰ ফালে মুক্তি পাব যদিও দৰ্শকে সম্পূৰ্ণ গীতটো কেৱল ছবিখনতহে চাব পাৰিব।
আদিত্য চোপ্ৰাই বিশ্বাস কৰে যে এই গীতটোৰ প্ৰকৃত যাদু কেৱল ডাঙৰ পৰ্দাতহে অনুভৱ কৰিব পৰা যায়, সেয়েহে তেওঁ এই কৌশল গ্ৰহণ কৰি দৰ্শকক ছবিগৃহলৈ লৈ আহিছে। ২০২৫ চনৰ ১৪ আগষ্টত ছবিগৃহত মুক্তি পাবলগীয়া ‘ৱাৰ ২’ৰ বক্স অফিচত ছুপাৰষ্টাৰ ৰজনীকান্তৰ ছবি ‘কুলি’ৰ সৈতে প্ৰত্যক্ষ প্ৰতিযোগিতা হ’ব। এই ছবিখনত হৃতিক ৰোশন আৰু জুনিয়ৰ এন টি আৰৰ উপৰিও কিয়াৰা আদৱানীকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
