ধুবুৰী, ০৬ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জ বতুৱাতলীত পুনৰ মৰেল পুলিগিৰিৰ ঘটনা পোহৰলৈ আহিছে। এহাল সম্পৰ্কীয় ভাই -ভনীক গছত বান্ধি মাৰপিটৰে চলালে নিৰ্যাতন। গোলকগঞ্জ আৰক্ষীয়ে উপস্থিত হৈ উদ্ধাৰ সম্পৰ্কীয় ভাই -ভনীক।
জানিব পৰামতে, গোলকগঞ্জৰ ৰায়পুৰৰ মতলেৱ আলী আৰু ৰতিয়াদহৰ আঞ্জুনা ৰায় যোৱাকালি মঙবলবাৰে বিয়লি বতুৱাতলীত আলহী খাৱলৈ গৈছিল। দুয়ো পশ্চিম বতুয়াতলীত ঘুৰি ফুৰোতে একাংশ ৰাইজৰ সন্দহ উপজে। ৰাইজে সন্দেহৰ ভিক্তিত দুয়োকে আটক কৰি গছত ৰছিৰে বান্ধি মাৰপিটৰে নিৰ্যাতন আৰাম্ভ কৰে।ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ সমাগম ঘটে। পিছত একাংশ ৰাইজে গোলকগঞ্জ আৰক্ষীক খৱৰ দিয়ে। গোলকগঞ্জ আৰক্ষীয়ে উপস্থিত হৈ মৰেল পুলিগিৰিৰ কৱলৰ পৰা দুয়োকে উদ্ধাৰ কৰি গোলকগঞ্জ থানালৈ আনে।
উল্লেখ্য যে বালাজান আৰু গোলকগঞ্জ আৰক্ষীৰ দুৰ্বলতা আৰু হেমাহীৰ বাবেই বালাজান আৰু বতৱাতলীত সঘনে মৰেল পুলিগিৰিৰ ঘটনা সংঘটিত হৈ আহিছে। এইদৰে দিন দুপুৰতে বতুৱাতলিত এহাল সম্পকীয় ভাই -ভনীক মৰেল পুলিগিৰিয়ে গছত বান্ধি নিৰ্যাতন চলোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
