কামৰূপ, ০৬ আগষ্ট (হি.স.): ৰঙিয়াৰ ভাতকুছিত উদ্ধাৰ হোৱা ব’লবমৰ ভক্তৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰৰ ঘটনাই নতুন মোৰ লৈছে । মৃত কংকন দাসৰ পৰিয়ালৰ অভিযোগ – এয়া এক পৰিকল্পিত হত্যা । কংকন দাসৰ সৈতে ব’লবমত যোৱা ৮ বন্ধুৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । ইতিমধ্য়ে আৰক্ষীয়ে আটক কৰিলে ৮ অভিযুক্তক ।
ধৃত অভিযুক্ত কেইজন হৈছে ক্ৰমে ভাস্কৰ দাস, প্ৰদীপ দাস, দীপক দাস, কনক দাস, ধনেশ্বৰ বৈশ্য, মিলন শইকীয়া, হেমন্ত দাস আৰু অৰুণ দাস । উল্লেখ্য যে দেওবাৰে ৮ জন বন্ধুৰ সৈতে কংকন দাসে গুৱাহাটীৰ বৈশিষ্ঠলৈ ব’লবম যাত্ৰা কৰি গৈছিল । কিন্তু ৰহস্যজনকভাৱে সোমবাৰে পুৱা আঘাতপ্ৰাপ্ত অৱস্থাত কংকন দাসৰ মৃতদেহ উদ্ধাৰ হয় । প্ৰথম অৱস্থাত আৰক্ষীয়ে এয়া এক দুৰ্ঘটনা বুলি ধাৰণা কৰে যদিও আত্মীয়ই হত্যাৰ সন্দেহ কৰে। ধৃত অভিযুক্ত কেইজনক আৰক্ষীয়ে সোধা-পোছা কৰি আছে । কালি বিয়লি অভিযুক্ত কেইজনক আৰক্ষীয়ে আদালতত হাজিৰ কৰাই এসপ্তাহৰ বাবে ৰিমাণ্ডত বিচাৰিব । ইফালে মৃতকৰ পৰিয়ালে হত্যাৰ অভিযুক্ত কেইজনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
