• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > দক্ষিণ কোৰিয়া, ইউৰোপীয় ইউনিয়ন, জাপানৰ আমেৰিকাৰ সৈতে শুল্ক হ্ৰাস কৰাৰ চুক্তি
International

দক্ষিণ কোৰিয়া, ইউৰোপীয় ইউনিয়ন, জাপানৰ আমেৰিকাৰ সৈতে শুল্ক হ্ৰাস কৰাৰ চুক্তি

CliQ INDIA
Last updated: August 5, 2025 2:45 pm
CliQ INDIA
Share
3 Min Read
SHARE

ৱাশ্বিংটন, ০৫ আগষ্ট (হি.স.)। আমেৰিকাৰ শুল্ক ৭ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাৰ পূৰ্বে দক্ষিণ কোৰিয়া, ইউৰোপীয় সংঘ আৰু জাপানে গুৰুত্বপূৰ্ণ ঘোষণা কৰি ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পৰ ক্ৰোধৰ বলি হোৱাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছে। দক্ষিণ কোৰিয়াই নিজৰ চুক্তিত শুল্কৰ হাৰ কম হোৱাটো নিশ্চিত কৰিবলৈ আমেৰিকাত ৩৫০ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ লগতে ১০০ বিলিয়ন ডলাৰৰ তৰলীকৃত প্ৰাকৃতিক গেছ ক্ৰয় কৰিবলৈ সন্মত হৈছে।

এই তথ্য নিউয়ৰ্ক টাইমছৰ বাতৰিত দিয়া হৈছে। লগতে ইউৰোপীয় সংঘই ইংগিত দিছে যে তেওঁলোকে ৭৫০ বিলিয়ন ডলাৰৰ আমেৰিকাৰ শক্তি ক্ৰয় কৰিব আৰু ইয়াৰ কোম্পানীসমূহে কমেও ৬০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিবলৈ সাজু হৈছে। জাপানে আমেৰিকাত বিনিয়োগৰ বাবে ৫৫০ বিলিয়ন ডলাৰৰ পুঁজি স্থাপন কৰিব বুলি জানিবলৈ দিয়ে।

ইফালে, চিএনবিচি নিউজৰ মতে, সোমবাৰে সন্ধিয়া ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কয় যে ২০২২ চনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত “পৰম্পৰাগত যোগান” ইউৰোপলৈ ডাইভাৰ্ট হোৱাৰ পিছতহে ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি আৰম্ভ কৰিছিল। ৰাছিয়াৰ তেল আমদানিক লৈ আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নে ইয়াক লক্ষ্য কৰি লৈছে বুলি ভাৰতে কয়, কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিশাৰ ভিতৰতে নতুন দিল্লীক আৰু অধিক শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল।

ইউৰোপীয় আয়োগৰ তথ্য অনুসৰি ২০২৪ চনত ৰাছিয়াৰ সৈতে ইউৰোপীয় ইউনিয়নৰ দ্বিপাক্ষিক বাণিজ্য ৬৭.৫ বিলিয়ন ইউৰো (৭৮.১ বিলিয়ন ডলাৰ) হোৱাৰ বিপৰীতে ২০২৩ চনত ইয়াৰ সেৱাৰ ব্যৱসায় আছিল ১৭.২ বিলিয়ন ইউৰো। এই পৰিসংখ্যাৰ উদ্ধৃতি দি ভাৰতে কয় যে ব্লকৰ বাণিজ্য ৰাছিয়াৰ সৈতে ভাৰতৰ মুঠ বাণিজ্যতকৈ বহু বেছি।

মস্কোত থকা ভাৰতীয় দূতাবাসৰ তথ্য অনুসৰি ২০২৫ চনৰ মাৰ্চ মাহত সমাপ্ত হোৱা বছৰটোৰ বাবে নতুন দিল্লী আৰু মস্কোৰ মাজত দ্বিপাক্ষিক বাণিজ্যই অভিলেখ সৃষ্টি কৰিছে ৬৮.৭ বিলিয়ন ডলাৰ, যিটো মহামাৰীৰ পূৰ্বৰ ১০.১ বিলিয়ন ডলাৰৰ প্ৰায় ৫.৮ গুণ।

সোমবাৰে ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক বহু পৰিমাণে বৃদ্ধি কৰাৰ ভাবুকি দিয়াৰ পিছতে ভাৰতৰ এই সঁহাৰি আহিছে যদিও তেওঁ অধিক শুল্কৰ স্তৰ নিৰ্দিষ্ট কৰা নাছিল। যোৱা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতীয় ৰপ্তানিৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু নিৰ্দিষ্ট নোহোৱা জৰিমনা আৰোপ কৰাৰ হুংকাৰ দিছিল। লগতে ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত তেল ক্ৰয় কৰি মুকলি বজাৰত বিপুল লাভত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে।

ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাছিয়া ভাৰতৰ প্ৰধান তেল যোগানকাৰী দেশ হিচাপে পৰিগণিত হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকাৰ শক্তি তথ্য প্ৰশাসনৰ এক প্ৰতিবেদন অনুসৰি আক্ৰমণৰ পূৰ্বে ৰাছিয়াৰ আমদানি প্ৰতিদিনে প্ৰায় ১,০০,০০০ বেৰেল বা মুঠ আমদানিৰ ২.৫ শতাংশ আছিল, যিটো ২০২৩ চনত প্ৰতিদিনে ১৮ লাখ বেৰেল বা ৩৯ শতাংশলৈ বৃদ্ধি পাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ইৰাণ-ইজৰাইলৰ আক্ৰমণঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰতিক্ৰিয়া, ক’লে – মই যদি ৰাষ্ট্ৰপতি হ’লোহেঁতেন তেন্তে ইৰাণে কেতিয়াও আক্ৰমণ নকৰিলেহেঁতেন।
ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনক আমেৰিকাৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰাৰ অনুমতি বাইডেনৰ | BulletsIn
গাজা যুদ্ধবিৰতি আলোচনাৰ বাবে সোমবাৰে ইজিপ্তলৈ ৰাওনা হ’ব ইজৰাইলৰ প্ৰতিনিধি দল
পোপ ফ্ৰান্সিছৰ অনুষ্ঠানত পেটা সমৰ্থকসকলে বিক্ষোভ প্ৰদৰ্শন | BulletsIn
গাজাত ইজৰাইলৰ টেংকৰ গৰ্জন, ছিৰিয়াত আমেৰিকাৰ বিমান আক্ৰমণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ষ্টক মাৰ্কেটত কেটেক্স ফেব্ৰিকছৰ দুৰ্বল তালিকাভূক্ত, উচ্চ চাৰ্কিটৰ পিছতো আই পি অ’ বিনিয়োগকাৰীৰ লোকচান
Next Article ইতিহাসৰ পৃষ্ঠাত ০৬ আগষ্টঃ আজিৰ দিনটোতে ভাৰতত জন্ম হৈছিল প্ৰথম টেষ্ট টিউব শিশু
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?