
ৱাশ্বিংটন, ০৪ আগষ্ট (হি.স.)। এভাৰটনৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ’ খেলি মানচেষ্টাৰ ইউনাইটেডে প্ৰিমিয়াৰ লীগ ছামাৰ ছিৰিজ ২০২৫ খিতাপ দখল কৰে। এই ড্ৰ’ৰ জৰিয়তে ইউনাইটেডে আমেৰিকাত অনুষ্ঠিত হোৱা ৰাউণ্ড ৰবিন প্ৰি-ছিজন ছিৰিজত মুঠ ৭ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে। ইয়াৰ পূৰ্বে দলটোৱে ৱেষ্ট হামক ২-১ আৰু বৰ্ণমাউথক ৪-১ গ’লত পৰাস্ত কৰিছিল।
খেলখনৰ ১৯ মিনিটত ইউনাইটেডে পেনাল্টি লাভ কৰে যেতিয়া আমাদ ডায়েলোক বক্সত নমাই অনা হয়, যিটো পেনাল্টি ব্ৰুনো ফাৰ্নাণ্ডেছে গ’ললৈ ৰূপান্তৰিত কৰি দলটোক অগ্ৰগতি প্ৰদান কৰে। ৪০ মিনিটত এভাৰটনৰ ইলিমান ণ্ডিয়ায়ে সমতা স্থাপন কৰে।
দ্বিতীয়াৰ্ধত ব্ৰুনোৱে আন এক অৱদান আগবঢ়ায় যেতিয়া ৬৯ মিনিটত মেছন মাউণ্টক এটা উজ্জ্বল পাছ দিয়ে আৰু মাউণ্টে পিকফৰ্ডক ডজ কৰি গ’ল দিয়ে। অৱশ্যে ৭৫ মিনিটত আমাদ ডায়েলোৰ বেক পাছে ইউনাইটেডৰ আইডেন হেভেনত খুন্দা মাৰি গ’লৰ ভিতৰলৈ সোমাই যায় আৰু মেচখন ২-২ গ’লত ড্ৰ’ত সমাপ্ত হয়।
মেচৰ পিছত স্কাই স্প’ৰ্টছৰ সৈতে হোৱা কথা-বতৰাত ইউনাইটেডৰ খেলুৱৈ ব্ৰুনো ফাৰ্নাণ্ডেছে কয় যে, পৰিস্থিতিৰ উন্নতি হৈছে। ক্লাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে। আমাক প্ৰতিযোগিতাৰ প্ৰয়োজন আছিল যাতে প্ৰতিজন খেলুৱৈয়ে নিজৰ স্থানৰ বাবে যুঁজে। তেওঁ আৰু কয় যে ক্লাব আৰু মেনেজাৰে অহৰহ উন্নতিৰ দিশত কাম কৰি আছে আৰু এতিয়াও এজন বা দুজন নতুন খেলুৱৈৰ সম্ভাৱনা আছে।
মন কৰিবলগীয়া যে যোৱা ছিজনত মানচেষ্টাৰ ইউনাইটেডৰ অৱস্থা অতি বেয়া আছিল, যেতিয়া দলটোৱে প্ৰিমিয়াৰ লীগত ১৫ নম্বৰ স্থান দখল কৰিছিল – যিটো ১৯৭৩-৭৪ চনত ৰেলিগেচনৰ পিছত হোৱা আটাইতকৈ বেয়া প্ৰদৰ্শন আছিল। সেই ছিজনত দলটোৱে মাত্ৰ ১১খন মেচত জয়লাভ কৰিছিল আৰু ৯খন ড্ৰ’ খেলিছিল।
ফাৰ্নাণ্ডেছে কয়, এই প্ৰদৰ্শনত বহুতে দুখী। অনুৰাগীয়ে টিকটৰ বাবে বহু ধন খৰচ কৰে আৰু আমি ইয়াক মূল্য দিওঁ। এতিয়া খেলপথাৰৰ প্ৰদৰ্শনেৰে ইয়াৰ প্ৰতি সঁহাৰি জনোৱাটো খেলুৱৈসকলৰ দায়িত্ব।
ক্লাবৰ সংস্কৃতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে, প্ৰতিটো সৰু সৰু কথাই গুৰুত্বপূৰ্ণ। এই ক্লাবৰ সংস্কৃতি হৈছে জয়ী হোৱা আৰু আমি সেইটো ঘূৰাই আনিব লাগিব।
ডিউফৰ পৰা ৱেষ্ট হামৰ নতুন আশা, বৰ্ণমাউথৰ বিৰুদ্ধে ২-০ গ’লত জয়লাভ
ছামাৰ ছিৰিজৰ আন এখন মেচত ৱেষ্ট হামে বৰ্ণমাউথক ২-০ গ’লত পৰাস্ত কৰে। দলটোৰ হৈ নিকলাছ ফুলক্ৰুগ আৰু জেৰ’ড ব’য়েনে গ’ল দিয়ে। দুয়োটা গ’ল চেনেগালৰ বাওঁ বেক এল হাজী মালিক ডিউফৰ উজ্জ্বল ছেট আপ পাছৰ পৰাই আহিছিল, যিয়ে মাত্ৰ ১৫ জুলাইত দলটোত যোগদান কৰিছিল।
বয়েনে ডিউফক প্ৰশংসা কৰি কয়, তেওঁৰ গুণগত মানৰ বাবে দুয়োটা গ’ল সম্ভৱ হৈছিল। তেওঁ দলত থকা মাত্ৰ কেইসপ্তাহমান হ’ল, কিন্তু এনে লাগে যেন তেওঁ বছৰ বছৰ ধৰি খেলি আহিছে।
খেলখনৰ ২৪ মিনিটত ফুলক্ৰুগে প্ৰথমটো গ’ল দিয়াৰ বিপৰীতে ৬৭ মিনিটত ব’য়েনে গ’ল দুগুণ কৰে। প্ৰথম ১৫ মিনিটত বৰ্ণমাউথে বহু সুযোগ সৃষ্টি কৰিছিল যদিও গ’লপোষ্টত খুন্দা মাৰি হেৰুৱাইছিল।
ব’য়েনে শেষত কয় যে আৰম্ভণি আশা কৰা ধৰণে নাছিল যদিও দলটোৰ মনোভাৱ আছিল আচৰিত।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
