লণ্ডন, ০৩ আগষ্ট (হি.স.)। কেনিংটন অ’ভেলত ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা পঞ্চম আৰু অন্তিম টেষ্টৰ চতুৰ্থ দিনটো অতি ৰোমাঞ্চকৰ ৰূপত সমাপ্ত হয়। দিনটোৰ খেলৰ শেষলৈকে ইংলেণ্ডে ৬ উইকেটত ৩৩৯ ৰান সংগ্ৰহ কৰিছে। পোহৰৰ অভাৱ আৰু তাৰ পিছত বৰষুণৰ বাবে দিনটোৰ খেল সময়ৰ পূৰ্বে শেষ হ’ল। এতিয়া ইংলেণ্ডক জয়ী হ’বলৈ মাত্ৰ ৩৫ ৰানৰ প্ৰয়োজন আৰু ভাৰতক ৪ উইকেটৰ প্ৰয়োজন।
দিনটোৰ খেল আগতীয়াকৈ বন্ধ হৈ গ’ল, যেতিয়া জেমী স্মিথে ০২ ৰান আৰু জেমী অভাৰটনে একাউণ্ট নোখোলাকৈ ক্ৰীজত আছিল। ইয়াৰ পূৰ্বে ভাৰতীয় বলাৰসকলে এক উজ্জ্বল প্ৰত্যাৱৰ্তন কৰি ইংলেণ্ডৰ তিনিটা গুৰুত্বপূৰ্ণ উইকেট আগতীয়াকৈ দখল কৰিছিল, যাৰ ফলত মেচখন পুনৰ ভাৰসাম্যলৈ আহিছিল।
ইংলেণ্ডে চতুৰ্থ দিনত ৫০/১ ৰ পৰা আগুৱাই খেলিবলৈ আৰম্ভ কৰিছিল আৰু জয়ী হ’বলৈ ৩২৪ ৰানৰ প্ৰয়োজন হৈছিল। কিন্তু দিনটোৰ আৰম্ভণিতে ভাৰতে সফলতা লাভ কৰে যেতিয়া ক্ৰমে প্ৰসিদ্ধ কৃষ্ণ আৰু মহম্মদ চিৰাজে বেন ডাকেট (৫৪) আৰু অলি পোপ (২৭)ক পেভিলিয়নলৈ প্ৰেৰণ কৰে।
তিনিটা উইকেট আউট হোৱাৰ পাছত ইংলেণ্ডৰ ইনিংছটো জো ৰুট আৰু হেৰী ব্ৰুকে দখল কৰে। দুয়োৰে মাজত ১৯৫ ৰানৰ অংশীদাৰিত্বই ভাৰতক বেকফুটত থিয় কৰাইছিল। ব্ৰুক ১১৩ ৰানৰ ষ্ট্ৰাইক ৰেটত ১১১ ৰানৰ দ্ৰুত ইনিংছ খেলাৰ বিপৰীতে জো ৰুটেও ধৈৰ্য্য আৰু অভিজ্ঞতাৰে খেলি নিজৰ শতক সম্পূৰ্ণ কৰে।
ব্ৰুক ৩০১ ৰানত আউট হোৱাৰ পিছত ইংলেণ্ডৰ ইনিংছ লৰচৰ কৰিবলৈ আৰম্ভ কৰে। মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি জেকব বেথেলে আউট হয় আৰু তাৰ পিছত জো ৰুট (১০৫)ও ছিৰাজৰ চিকাৰ হয়। ৰুটৰ আউটৰ পিছত মাত্ৰ ৩.২ অভাৰতহে বল কৰিব পৰা গ’ল যেতিয়া কম পোহৰৰ বাবে খেল বন্ধ কৰিবলগীয়া হয়। কিছু সময়ৰ পাছত বৰষুণ দিবলৈ ধৰিলে, যাৰ বাবে দিনটোৰ খেল শেষ হ’ল।
এটা সময়ত ইংলেণ্ডে ৩ উইকেটত ৩০১ ৰান সংগ্ৰহ কৰি জয়ৰ দিশে আগবাঢ়িছিল যদিও পৰৱৰ্তী ৩৮ ৰানৰ ভিতৰত ৩ উইকেটৰ পতনৰ বাবে মেচখন পুনৰ ৰোমাঞ্চকৰ হৈ পৰিছে। এতিয়া অন্তিম দিনটোত মাত্ৰ ৩৫ ৰান আৰু ৪ উইকেটৰ ব্যৱধান আছে, যিটো দুয়োটা দলৰ বাবে প্ৰত্যাহ্বানজনক হ’ব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
