কাছাৰ, ০৩ আগষ্ট (হি.স.)। অসম আৰক্ষীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনিজন বাংলাদেশী নাগৰিকক পুনৰবাৰ কৰায়ত্ত কৰে। শনিবাৰে নিশা শ্ৰীভূমি জিলাত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এই তিনি অনুপ্ৰৱেশকাৰীক আৰক্ষীয়ে আটক কৰে।
আৰক্ষীৰ মতে, বৈধ নথি-পত্ৰ অবিহনে দেশত প্ৰৱেশ কৰা এই বাংলাদেশী নাগৰিকসকলক দেওবাৰে পুনৰ নিজৰ দেশলৈ প্ৰেৰণ কৰা হয়। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজৰ ফেচবুক একাউণ্টত ছবি শ্বেয়াৰ কৰি এই সমগ্র বিষয়টোৰ তথ্য দিয়ে ৷
মুখ্যমন্ত্রীয়ে পুনৰ কয় যে, অসম বা ভাৰতৰ ভূমিত কোনো অনুপ্ৰৱেশকাৰীক আদৰণি জনোৱা নহ’ব। তেওঁ স্পষ্টকৈ কয় যে ৰাজ্য চৰকাৰ এই বিষয়ত অতি গুৰুতৰ আৰু এই কথা আগতেও কোৱা হৈছে।
আনহাতে, অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা অসম আৰক্ষীকো প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
