
ধুবুৰী, ০৪ আগষ্ট (হি.স.)। ধুবুৰী জিলাৰ গৌৰীপুৰত গাঞ্জাসহ আটক হৈছে এজন যুৱক। গৌৰীপুৰ চহৰ চুপাৰ মাৰ্কেটৰ ১নং ৱাৰ্ডত গৌৰীপুৰ আৰক্ষীৰ অভিযানত গাঞ্জাসহ আটক হয় ৰাজ কুমাৰ মিশ্ৰ নামৰ যুৱকজন ।
ইফালে যুৱকজনৰ তথ্যৰ ভিত্তিত সুশীল কুমাৰ মিশ্ৰ নামৰ ব্যক্তি এজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে ২কে :জি ৫০০ গ্ৰাম গাঞ্জা। দীৰ্ঘ দিনৰ পৰাই এই ঘৰৰ পৰা চলাই আছিল অবৈধ গাঞ্জা ব্যৱসায়। অৱশ্যে গাঞ্জা ব্যৱসায়ী সুশীল কুমাৰ মিশ্ৰই আৰক্ষী অহাৰ উমান পাই পলাই যাবলৈ সক্ষম হয়।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
