বাক্সা, ০৩ আগষ্ট (হি.স.)। ২০২৫ বৰ্ষৰ ৪২ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা খন গুৱাহাটীৰ ছাউথ পইন্ট স্কুল চৌহদত ২৯ জুলাইৰ পৰা আৰম্ভ হৈ ১ আগষ্টত সামৰনি পৰে। বাক্সা জিলাৰ পৰা নিৰঞ্জন বড়ো, জিউ ৰাজা বসুমতাৰী, গেনেন্দ্ৰ দাস আৰু সুস্মিতা বসুমতাৰী অসম দলৰ পৰা নিৰ্বাচিত হৈ ৰাষ্ট্ৰীয় খেলত খেলাৰ সুযোগ লাভ কৰে।
উক্ত প্ৰতিযোগিতাত নিৰঞ্জন বড়োৱে আল্ট্ৰা মাষ্টাৰ শাখাত ৭৫ কেজিত ২টা সোন, জীউৰাজা বসুমতাৰী ৫৫ কেজিৰ অনুৰ্ধৰ শাখাত, গেনেন্দ্ৰ দাস ৯৫ কেজি শাখাত ১টা সোন আৰু সুস্মিতা বসুমতাৰী ৬৩ কেজিৰ মহিলা শাখাত ২টা ৰূপৰ পদক মুঠ ৬টা পদক আজুৰি আনি বাক্সা জিলা তথা অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনে। প্ৰতিযোগিতা খনত বিজয়ী সকলে আগন্তুক ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হব লগা এছিয়ান গেমচত অংশগ্রহণ কৰিব বুলি বাক্সা জিলাৰ সভাপতি নিৰঞ্জন বড়োৱে সদৰি কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
