– ইতিমধ্যে বহু মহিলা সংগঠনে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে
কাঠমাণ্ডু, ০৩ আগষ্ট (হি.স.)। নেপালৰ বিবাহ আইন সংশোধন কৰি বিশেষ পৰিস্থিতিত বহুবিবাহক স্বীকৃতি দিয়াৰ প্ৰস্তুতি চলোৱা হৈছে। ইয়াৰ বাবে চৰকাৰে সংসদত আইনখন সংশোধনৰ প্ৰস্তাৱ দাখিল কৰিছে। ইতিমধ্যে বহু মহিলা সংগঠনে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে।
নেপালৰ সংসদত বিবাহ আইন সংশোধনৰ প্ৰস্তাৱ দিওঁতে বিশেষ পৰিস্থিতিত বহুবিবাহক স্বীকৃতি দিয়াৰ কথা উল্লেখ কৰা হৈছে। আইন মন্ত্ৰী অজয় কুমাৰ চৌৰাছিয়াই কয় যে বহুবিবাহ কেৱল সেই পৰিস্থিতিতহে বৈধ হ’ব, যাতে বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে সন্তান জন্ম হ’লে সেই সন্তানৰ ভৱিষ্যতৰ নিৰাপত্তাক স্বীকৃতি দিব পৰা যায়। নতুন প্ৰস্তাৱিত আইন অনুসৰি যদি কোনো বিবাহিত পুৰুষ বা মহিলাই আন এগৰাকী মহিলা বা পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰি গৰ্ভধাৰণ কৰে বা সন্তান জন্ম লয়, তেন্তে সেই সন্তানক আইনী স্বীকৃতি দিবলৈ, তেওঁক সামাজিক পৰিচয় দিবলৈ আৰু সম্পত্তিৰ অধিকাৰ দিবলৈ দ্বিতীয়বাৰৰ বাবে বিবাহৰ অনুমতি দিয়া হ’ব।
চৰকাৰৰ এই নতুন প্ৰস্তাৱিত আইনখনৰ বিৰোধিতা কৰিছে বহু মহিলা সংগঠনে। শাসকীয় দল নেপালী কংগ্ৰেছৰ সৈতে জড়িত নেপাল মহিলা সংঘৰ এটা প্ৰতিনিধি দলে দেওবাৰে আইন মন্ত্ৰী চৌৰসিয়াক সাক্ষাৎ কৰি এই প্ৰস্তাৱিত আইন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। মহিলা সন্থাৰ প্ৰতিনিধি দলে এই প্ৰস্তাৱিত আইন প্ৰত্যাহাৰৰ দাবীত এখন স্মাৰক পত্ৰ দাখিল কৰিছে। তেওঁলোকে কয় যে যিকোনো ৰূপত বহুবিবাহক স্বীকৃতি দিয়াটো নাৰীৰ সন্মান আৰু আত্মসন্মানৰ বিৰোধী।
শাসকীয় নেপাল কমিউনিষ্ট পাৰ্টি ইউএমএলৰ সাধাৰণ সম্পাদক শংকৰ পোখৰেলেও এই নতুন প্ৰস্তাৱিত আইনখনৰ বিৰোধিতা কৰিছে। মিত্ৰজোঁটত আলোচনা নকৰাকৈয়ে কাৰোবাৰ ব্যক্তিগত স্বাৰ্থত এনে আইন অনা হৈছে বুলিও তেওঁ কয়। পখৰেলে কয় যে বহুবিবাহৰ আইন সংসদৰ পৰা গৃহীত হ’বলৈ দিয়া নহ’ব।
এই প্ৰতিবাদ সন্দৰ্ভত আইন মন্ত্ৰী অজয় চৌৰসিয়াই কয় যে এই আইনখন যিদৰে প্ৰচাৰ কৰা হৈছে, ই বহুবিবাহক সেই ধৰণে স্বীকৃতি দিয়া নাই। অবৈধ সম্পৰ্কৰ পৰা জন্ম লোৱা সেই হাজাৰ হাজাৰ সন্তানৰ কথা ভাবিহে আইনখন সলনি কৰা হৈছে। তেওঁ কয় যে এজন শিশুক পুৰুষ বা মহিলাৰ ভুলৰ বাবে শাস্তি দিয়া উচিত নহয়। কেৱল এনে শিশুৰ সুৰক্ষা আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে এনে আইন অনাৰ প্ৰয়াস কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
