
ধুবুৰী, ০২ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ গোলোকগঞ্জ আৰক্ষীৰ চোৰাং গৰুৰ বিৰুদ্ধে অভিযান অব্য়াহত আছে । গোলকগঞ্জ আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্য়ৰ ভিত্তিত অভিযান চলাই জব্দ কৰিলে বাহনসহ চাৰিটাকৈ চোৰাং গৰু।
জানিব পৰা মতে গোলকগঞ্জ থানাৰ আৰক্ষীৰ এটি দলে কালি নিশা অভিযান চলাই পেষ্টাৰঘাটৰ পথত চাৰিটাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।চোৰাং গৰু জব্দ কৰে যদিও চালক জন কাষতে থকা দ খাৱৈত জাপ মাৰি পলায়ন কৰে । জব্দকৃত চাৰিচকীয়া বেলোনো বাহনখনৰ নম্বৰ এএছ ০১ ডিজে ৬২০২ বুলি জানিব পৰা গৈছে। এই অবৈধ গো মাফিয়া চক্ৰই বহি: ৰাজ্যৰ চোৰাং পথেৰে চোৰাং গৰু সৰবৰাহ কৰি নদী পথেৰে বাংলাদেশলৈ গৰু চালান কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
