লণ্ডন, ০২ আগষ্ট (হি.স.)। ভাৰতৰ বেগী বলাৰ প্ৰসিদ্ধ কৃষ্ণই অভেল টেষ্টৰ দ্বিতীয় দিনা ইংলেণ্ডৰ কিংবদন্তি বেটছমেন জো ৰুটৰ সৈতে হোৱা মৌখিক আলাপক লঘু কৌতুক বুলি অভিহিত কৰিছে যদিও ৰুটে দিয়া প্ৰতিক্ৰিয়া আশা কৰা নাছিল বুলিও তেওঁ কয়। আচলতে সাধাৰণতে শান্ত হৈ থকা ৰুটে এইবাৰ প্ৰসিদ্ধৰ এটা মন্তব্যত ক্ষুদ্ধ হৈ তীব্ৰ প্ৰতিক্ৰিয়া দিলে।
মেচখনৰ দ্বিতীয় দিনা যেতিয়া ইংলেণ্ড দলটোৱে ভাৰতৰ প্ৰথম ইনিংছত ২২৪ ৰান সংগ্ৰহৰ প্ৰতি সঁহাৰি জনাই ১২৯/২ ৰে শক্তিশালী স্থানত আছিল, তেতিয়া ৰুটে বেটিং কৰিবলৈ ওলাই আহিছিল। এই সময়ত প্ৰসিদে জেক ক্ৰ’লীক আউট কৰি ভাৰতক অগ্ৰগতি প্ৰদান কৰে আৰু একেটা অভাৰতে ৰুটক এটা সুন্দৰ বলত হতচকিত কৰে। ইয়াৰ পিছত তেওঁ ফ’ল’ থ্ৰুত ৰুটক কিবা এটা ক’লে। তাৰ পিছৰ বলটোত ৰুটে গলিৰ ওচৰত চাৰি মাৰি উত্তৰ দিলে আৰু তেওঁ মৌখিক মন্তব্যও কৰিলে।
অভাৰ শেষ হোৱাৰ লগে লগে আম্পায়াৰ কুমাৰ ধৰ্মসেনাই প্ৰসিদ্ধক ওচৰৰ মাতি বুজায়।
মেচৰ পিছত প্ৰসিদে কয়, মই মাত্ৰ কৈছিলো যে ‘আপুনি বহুত ভাল বেটিং কৰি আছে’, আৰু তাৰ পিছত বিষয়টো আন কিবা এটা হৈ পৰিল। মই নাজানো কিয় ৰুটে ইমান তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে।
সংবাদমেলত তেওঁ কয় যে এই সকলোবোৰ এটা কৌশলৰ অংশ – আমি তেওঁক খেলৰ পৰা মনঃসংযোগ অলপ আঁতৰাই পেলোৱাৰ কথা ভাবিছিলো, কিন্তু মই ভবা নাছিলো যে তেওঁ মোৰ কেইটামান কথাৰ প্ৰতি ইমান প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। কিন্তু যেতিয়া মই বলিং উপভোগ কৰি আছো, তেতিয়া অলপ কথা কোৱাটো মোৰ শৈলী। যদি মই বেটছমেনক প্ৰভাৱিত কৰিবলৈ সক্ষম হওঁ, তেন্তে ইয়াৰ দ্বাৰা মোৰ লাভ হয়।
প্ৰসিদ্ধই ৰুটৰ প্ৰতিও শ্ৰদ্ধা প্ৰকাশ কৰে – মই তেওঁক বহুত ভাল পাওঁ, তেওঁ খেলৰ কিংবদন্তি। যেতিয়া দুজন খেলুৱৈয়ে খেলপথাৰত জয়ী হ’বলৈ নিজৰ সাধ্য অনুসৰি কাম কৰি আছে, তেতিয়া এনেকুৱা হোৱাটো স্বাভাৱিক।
ইংলেণ্ডৰ সহকাৰী প্ৰশিক্ষক মাৰ্কাছ ট্ৰেস্কোথিকেও এই ঘটনাক বিশেষ গুৰুত্ব নিদিলে। তেওঁ ক’লে, মই ভাবো প্ৰসিদ্ধই নিশ্চয় কিবা এটা কৈছিল, আৰু ৰুটেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। সাধাৰণতে ৰুটে এনে কথাত হাঁহি মাৰে, কিন্তু আজি তেওঁ বেলেগ এটা উপায় বাছি লৈছে। সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ এইটোও এটা উপায়।
দ্বিতীয় দিনাৰ খেলৰ সময়ত খেলপথাৰত আৰু দুটা মৃদু বিতৰ্ক পোহৰলৈ আহিছিল – প্ৰথম, যেতিয়া বেন ডাকেটক আউট কৰাৰ পিছত বেন ডাকেটৰ কান্ধত হাত থৈছিল; দ্বিতীয়তে, যেতিয়া ভাৰতৰ ৩ নম্বৰ বেটছমেনক পৰ্যালোচনাৰ পিছত আউট ঘোষণা কৰাৰ পিছত ডাকেট আৰু ছাই সুদৰ্শনৰ মাজত মৌখিক অৰিয়াঅৰি হৈছিল।
এইবোৰ কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ট্ৰেস্কোথিকে কয়, আকাশ দীপে একো কোৱা নাছিল, কিন্তু বেটছমেনক আউট কৰাৰ পিছত কান্ধত হাত দিয়াটো অলপ অস্বাভাৱিক আছিল। কাউন্টি ক্ৰিকেটত বহু খেলুৱৈয়ে এনে সময়ত কিবা এটা কয় বা কিলাকুটিৰে আঘাত কৰে, কিন্তু ইয়াত এনেকুৱা একো হোৱা নাছিল।
দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ভাৰতে ২ উইকেটত ৭৫ ৰান সংগ্ৰহ কৰি ৫২ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
