
বৰপেটা, ০২ আগষ্ট (হি.স.): বৰপেটাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান চলে ৷ ৩৫০০ টকা ঘোচ লৈ হাতে লোটে ধৰা পৰিল মণ্ডল ৷ ধৃত মণ্ডল জনৰ নাম আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে ৷
কয়াকুছিৰ খাবলাৰভিঠা গাঁৱৰ আব্দুল বাতেন নামৰ এজন ব্যক্তিৰ ভূমি সংক্ৰান্তীয় কামৰ বাবে মণ্ডল আনোৱাৰ হুছেইনে দাবী কৰিছিল বিশ হেজাৰ টকা উৎকোচ ৷ইয়াৰ পিচতে ভুক্তভোগী বাতেন মণ্ডলে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ সতে যোগাযোগ কৰে ৷ কালি আবেলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ থকা কেন্টিনত ৩৫০০ টকা উৎকোচ লৈছিল মণ্ডল আনোৱাৰ হুছেইনে ৷ উৎকোচ লোৱাৰ লগে লগে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দলে হাতে লোটে কৰায়ত্ব কৰে মণ্ডল আনোৱাৰ হুছেইনক ৷ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গোচৰ ৰজু কৰি গ্ৰেপ্তাৰ কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
