মাকাউ, ০১ আগষ্ট (হি.স.)। ভাৰতীয় বেডমিণ্টন খেলুৱৈ থাৰুণ মন্নেপল্লীয়ে শুকুৰবাৰে মাকাউ অ’পেন বেডমিণ্টন টুৰ্ণামেণ্ট ২০২৫ (বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ছুপাৰ ৩০০)ৰ পুৰুষৰ একক ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । ২৩ বছৰীয়া থাৰুনে চীনৰ হু জেন এনক ২১-১২, ১৩-২১, ২১-১৮ ব্যৱধানত পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। এই খেলখন এঘণ্টা ১৫ মিনিট ধৰি চলিছিল।
এতিয়া ছেমি ফাইনেলত থাৰুনে মুখামুখি হ’ব মালয়েছিয়াৰ জাষ্টিন হোহৰ বিৰুদ্ধে। বিশ্বৰ ৪৫ নম্বৰ স্থানত থকা হোহে থাইলেণ্ডৰ কান্টাফন ৱাংচাৰ’য়েনক ২১-৯, ২১-১৮ ব্যৱধানত পৰাস্ত কৰি অন্তিম চাৰিটাত প্ৰৱেশ কৰে। দিনটোৰ আন আন মেচত ভাৰতৰ লক্ষ্য সেনে কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব চীনৰ ঝু জুয়ান চেনৰ বিৰুদ্ধে। পুৰুষৰ ডাবলছত ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে মালয়েছিয়াৰ চুং হন জিয়ান আৰু মহম্মদ হাইকালৰ সৈতে মুখামুখি হ’ব সাতৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীৰ যুটি ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
