
কোকৰাঝাৰ, ০১ আগষ্ট (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মাটি কাল গাওঁ খনৰপৰা আৰক্ষীৰ অভিযানত শাল কাঠৰ কুণ্ডা জব্দ কৰা হৈছে। টিপকাই আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডা।
আৰক্ষীয়ে যোৱা কালি বৃহস্পতিবাৰে নিশা প্ৰায় ১০ মান বজাত চলোৱা অভিযানত পৰ্বতঝোৰাৰ মতিঝোৰা মাটি কাল গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে পৰ্বতঝোৰাৰ টিপকাই আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া জাহান উদ্দিন সেখৰ নেতৃত্বত বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডা খিনি জব্দ কৰিবলৈ সক্ষম হয়। ইফালে চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলোৱাটো বন বিভাগৰ কাম যদিও এয়া অসম আৰক্ষীয়ে কৰিব লগা হোৱাত বহু প্ৰশ্নৰ উদ্ভৱ হৈছে। এই ক্ষেত্ৰত বাস বাৰী বন বিষয়া আৰু বন মাফিয়াৰ লগত গোপন সম্পৰ্ক থকাৰ বিষয়েও চৰ্চা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
