নতুন দিল্লী, ৩০ জুলাই (হি.স.)। ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছ আৰু ভাৰতৰ তাৰকা অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই শেহতীয়াকৈ খেলা ইংলেণ্ড-ভাৰত চতুৰ্থ টেষ্টত সুন্দৰ প্ৰদৰ্শন কৰি আই চি চিৰ পুৰুষ টেষ্ট ৰেংকিঙত বৃহৎ জাঁপ দিছে।
ষ্ট’কছে ২০২২ চনৰ ডিচেম্বৰৰ পিছত টেষ্ট অল ৰাউণ্ডাৰ ৰেংকিঙত তিনিটা স্থান জপিয়াই তৃতীয় স্থানত উপনীত হৈছে, যিটো ২০২২ চনৰ ডিচেম্বৰৰ পিছত তেওঁৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং। মেচখনত ১৪১ ৰানৰ ইনিংছৰ লগতে প্ৰথম ইনিংছত ৫টা উইকেটো দখল কৰে। ইয়াৰ লগে লগে তেওঁ বেটছমেনৰ তালিকাত ৮টা স্থান আগুৱাই ৩৪ নম্বৰ আৰু বলাৰৰ ভিতৰত ৪২ নম্বৰ স্থান লাভ কৰিছে।
জাদেজাই ১০৭* আৰু চাৰিটা উইকেটৰ যুঁজৰ ইনিংছৰ সহায়ত অল ৰাউণ্ডাৰ ৰেংকিঙৰ শীৰ্ষত নিজৰ আধিপত্য আৰু অধিক সুদৃঢ় কৰিছে। এতিয়া তেওঁ ৪২২ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত থকা বাংলাদেশী মেহদী হাছানৰ পৰা ১১৭ পইণ্ট আগবাঢ়ি আছে। বেটছমেনৰ তালিকাত ৫টা স্থান আগুৱাই ২৯ নম্বৰত আৰু বলাৰৰ ভিতৰত এটা স্থান আগুৱাই ১৪ নম্বৰ স্থানলৈ উঠিছে।
ৰুটৰ ৰাজত্ব অব্যাহত আছে, ডাকেট আৰু পোপেও লাভৱান হৈছে
ইংলেণ্ডৰ জো ৰুটে অল্ড ট্ৰেফৰ্ড টেষ্টত ১৫০ ৰানৰ এক সুন্দৰ ইনিংছ খেলি বেটছমেনৰ তালিকাত দ্বিতীয় স্থানৰ কেন উইলিয়ামছনৰ ৩৭ পইণ্টতকৈ আগবাঢ়ি থাকে। ইংলেণ্ডৰ অ’পেনাৰ বেন ডাকেটে পাঁচটা স্থান আগুৱাই দশম স্থানলৈ আৰু জেক ক্ৰ’লিয়ে দুটা স্থান আগুৱাই ৪৩ নম্বৰ স্থান লাভ কৰিছে। অলি পোপেও এটা স্থান আগুৱাই ২৪ নম্বৰ স্থানত উপনীত হৈছে।
জাডেজাৰ সৈতে ২০৩ ৰানৰ অপৰাজিত অংশীদাৰিত্ব ভাগ কৰি ১০১* ৰান সংগ্ৰহ কৰা ভাৰতৰ অল ৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে বেটছমেনৰ ৰেংকিঙত ৮ স্থান জপিয়াই ৬৫ নম্বৰ স্থান লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁ দুটা উইকেট দখল কৰি আঠটা স্থান জপিয়াই অল ৰাউণ্ডাৰ তালিকাত যৌথভাৱে ১৩ নম্বৰ স্থান দখল কৰে।
জোফ্ৰা আৰ্চাৰ আৰু ৱ’কেছেও লাভৱান হৈছিল
চাৰি বছৰৰ পাছত টেষ্ট ক্ৰিকেটলৈ ঘূৰি অহা বেগী বলাৰ জোফ্ৰা আৰ্চাৰে তিনিটা উইকেট দখল কৰি ৩৮ স্থান আগুৱাই বলাৰৰ ৰেংকিঙত ৬৩ নম্বৰ স্থান দখল কৰে। একে সময়তে ক্ৰীছ ৱ’কেছে এটা স্থান বৃদ্ধি পাই ২৩ নম্বৰ স্থানত উপনীত হৈছে।
টি-২০ ৰেংকিঙত বিস্ফোৰণঃ অভিষেক শৰ্মা ১ নম্বৰ বেটছমেন
ভাৰতীয় যুৱ বেটছমেন অভিষেক শৰ্মাই প্ৰথমবাৰৰ বাবে আইচিচি টি-২০ আন্তঃৰাষ্ট্ৰীয় বেটছমেন ৰেংকিঙত ১ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। যোৱা এবছৰ ধৰি শীৰ্ষত থকা অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে ৱেষ্ট ইণ্ডিজ শৃংখলাত খেলা নাছিল আৰু তেওঁৰ ৰেংকিং হ্ৰাস পাইছে।
অষ্ট্ৰেলিয়াৰ জোছ ইংলিছে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৭২ ৰান সংগ্ৰহ কৰি ৬ স্থানত উঠি নৱম স্থান লাভ কৰে। একে সময়তে টিম ডেভিদে ১২ স্থান আগুলাই ১৮ নম্বৰ আৰু কেমেৰন গ্ৰীনে ৬৪ স্থান জপিয়াই ২৪ নম্বৰ স্থান লাভ কৰিছে, যিটো তেওঁৰ কেৰিয়াৰৰ সৰ্বোত্তম ৰেংকিং। ৱেষ্ট ইণ্ডিজৰ ব্ৰেণ্ডন কিঙে ৯টা স্থান জপিয়াই যৌথভাৱে ২১ নম্বৰ স্থান দখল কৰিছে।
টি-২০ বলাৰৰ ৰেংকিঙত শীর্ষ সাতত কোনো সালসলনি হোৱা নাই৷ প্ৰথম স্থানত আছে নিউজিলেণ্ডৰ জেকব ডাফী। অষ্ট্ৰেলিয়াৰ নাথান এলিছে ৭ স্থান আগুৱাই অষ্টম স্থান দখল কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
